শতাব্দ প্ৰতিনিধি, যোৰহাট , ১১ জুন : অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট গীতিকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতি দিৱস পালন কৰা হয় । পুৱা বেলা প্ৰখ্যাত গীতিকাৰগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰাৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু বৰাই । পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই পুস্পাঞ্জলি অৰ্পণেৰে গীতিকাৰ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই সঞ্চালনা কৰা সভাখনিৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই ।অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা লগতে সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পাৱেটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা হিতেশ্বৰ বৰবৰুৱা শাখা সাহিত্য সভাৰ সভাপতি দণ্ডধৰ হাজৰিকা । “ আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পৰীয়া ডেকা বন্ধু নাথাকিবা ৰৈ ”ৰ দৰে কালজয়ী গীতৰ স্ৰষ্টা নগেন বৰাৰ গীতত দেশাত্মবোধ শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে কয় যে স্বদেশ স্বজাতিৰ বাবে নগেন বৰাই ৰচনা কৰা অমূল্য সৃষ্টিৰাজিয়ে তেখেতৰ কৰ্মৰাজিক প্ৰজন্মৰ পাছত প্ৰজন্মই মনত পেলাব সেয়া নিশ্চিত । “ নগেন বৰাৰ গীতত অসমৰ লোকজীৱন ” এই বিষয়ত প্ৰাচ্য বিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসমতত্ব গৱেষণা সংস্থানৰ সম্বন্বয়ক ড° ৰাজশ্ৰী হাজৰিকাই নগেন বৰাৰ গীতত অসমৰ লোক জীৱন কিদৰে প্ৰতিফলিত হৈছিল সেই সম্পকে সাৱলীল বক্তব্য প্ৰদান কৰে । বিজ্ঞান লেখক ড° প্ৰমোদ নেওগ অসম সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱিত্ৰ শৰ্মা অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ক্ষীৰোদ দাস বঙালপুখুৰী শাখা সভাৰ সভাপতি নাৰায়ণ ভূঞা সম্পাদক ভাৰত গোস্বামী জিলাৰ প্ৰাক্তন সহকাৰী সম্পাদক বসন্ত বৰা বিদুৎভূষণ বৰা জিলাৰ সহকাৰী সম্পাদক সুদীপ্ত নয়ন গোস্বামী সাংগঠনিক সম্পাদক প্ৰফুল্ল ভূঞা বৰভেটা শাখা সাহিত্য সভাৰ সভাপতি পলী বৰবৰুৱা জিলা সাহিত্য সভাৰ উপ সমিতি কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰেছা বেগম কুঁহি উপসমিতিৰ আহ্বায়িকা দিপ্তী বুঢ়াগোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতি এলিজা বেগম নিজৰা লাহন মৌচুমী মহন্ত প্ৰমূখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনৰ লগতে শিল্পী জয়স্ততি ভূঞাৰ গীতেৰে সকলোকে আপ্লুত কৰে ।