শতাব্দ প্ৰতিনিধি, যোৰহাট ,২২মাৰ্চ : পূব যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা দোকমোকালিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস পালন কৰা হয়।পদুমনি মাজগাৱৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য সঞ্চালক ড০ আৰ এছ জয়ৰাজে মুখ্য অতিথি ৰূপে ভাগ লৈ ধৰিত্ৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। বেচৰকাৰী সংস্থা দোকমোকালিৰ সঞ্চালক কীৰ্তি বৰদলৈয়ে আতধৰা সভাখনত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য সঞ্চালক ড০ জয়ৰাজে মাটিক মানুহৰ শৰীৰৰ ছালৰ লগত তুলনা কৰি মানুহে ছালখন ঢাকি ৰাখিবৰ বাবে যেনেকৈ সাজপাৰ পৰিধান কৰে, ঠিক একেদৰে প্ৰকৃতিখন সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ মূল্যবান বৃক্ষৰোপনৰ কৰিবলৈ সকলোকে আহ্বান জনায়। ইপিনে উক্ত সভাতে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড০ ৰাজীৱ কুমাৰ কলিতাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি স্বনিয়োজনত বাঁহগছৰ সম্ভাৱনীয়তাৰ বিভিন্ন দিশ সমুহ দৃশ্য শ্ৰাব্য মাধ্যমেৰে সভাত উপস্থাপন কৰে। লগতে বাহগছৰ পৰা উৎপাদিত সামগ্ৰী সমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আজিৰ তাৰিখত যথেষ্ট চাহিদা আছে বুলিও উল্লেখ কৰে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আনজন বিজ্ঞানী ড০ ৰাজীৱ কুমাৰ বৰা,পদুমনি মাজগাৱৰ গাওঁবুঢ়া সুশীল দত্ত আৰু বিশিষ্ট মৌ পালক পৰেশ কলিতা উপস্থিত থকা সভাখনত বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ আৰ এছ জয়ৰাজে।পূৱ যোৰহাটৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত শতাধিক মূল্যবান গছপুলি বিতৰণ কৰা হয়।