যোৰহাট কৰ্কট চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

0 14

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৬ এপ্ৰিল : অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন আজি বিয়লি পৰিদৰ্শন কৰে। অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৰহাট কৰ্কট চিকিৎসালয়তো স্থানীয় ভাৱে আয়োজন কৰা ৰাজহুৱা সভাৰ প্ৰস্তুতিও পৰ্যবেক্ষণ কৰে।মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ সময়ত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্তদ্বয় সত্যজিৎ চেতিয়া আৰু দামোদৰ বৰ্মন, কৰ্কট চিকিৎসালয়খনৰ অধীক্ষক ডাঃ বিপুল ভূঞাও উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.