যোৰহাট বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহত উদ্ভাৱন কেন্দ্ৰ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ ১০ পৰিবেশ-কৰ্মীক পৰিৱেশ মিত্ৰ সন্মান প্ৰদান

0 167

যোৰহাট, ১৫ আগষ্ট: দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটা “উদ্ভাৱন কেন্দ্ৰ” উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধিৎসাক উদগনিৰৈ উদ্ভাৱনী চিন্তাৰ বিকাশত সহায়ক হোৱাকৈ অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)য়ে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সহযোগত এই উদ্ভাৱন কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰ তাৰকাগৃহৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বিভাগীয় মন্ত্ৰী মহন্তই কয়, ‘ৰাজ্যবাসীৰ মাজত বিজ্ঞানক অধিক জনপ্ৰিয় কৰি ৰাজ্যত বিজ্ঞান মনস্কতাৰ বাতাৱৰণ গঢ়াৰ দিশটোত আমি বিশেষ গুৰুত্ব দিছো। স্কুল পৰ্যায়ৰ পৰাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ মাজত বৈজ্ঞানিক উদ্ভাৱনী চিন্তা-ধাৰাক উদগণি যোগাবলৈ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ লোৱা হৈছে। দেশৰ ভিতৰতে অসমে এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক চিন্তাক উদগণি যোগাব পৰা বিজ্ঞান কেন্দ্ৰ, তাৰকাগৃহ আদিৰ দৰে বিজ্ঞান বিষয়ক সৰ্বাধিক সংখ্যক গৃহ থকা ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে। ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে ২২ টা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। বহুকেইটা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। সোণাপুৰত বিজ্ঞান নগৰীৰ নিৰ্মাণ কাৰ্যও যথেষ্ট আগবাঢ়িছে। জিলাই জিলাই বিজ্ঞান বিষয়ক চিন্তাধাৰাক উদগণি যোগোৱা এইসমূহ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে, দেশৰ ৰাজ্যসমূহৰ ভিতৰতে বিজ্ঞানক সৰ্বসাধাৰণৰ মাজলৈ নিয়াৰ বিশেষ প্ৰয়াস চলোৱা প্ৰথম স্থানৰ ৰাজ্য হিচাপে বিবেচিত হ’ব অসম।’ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিহিত হৈ থকা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকশিত হোৱাত উদগণি যোগাবলৈ বিভাগটোৱে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি’ এখন হাতত লোৱা বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে বৈজ্ঞানিক উদ্ভাৱনমূলক কামকাজত আগ্ৰহী ৰাজ্যৰ ১০০গৰাকী ছাত্ৰ-ছাত্ৰীক বাচনি কৰি তেওঁলোকৰ উদ্ভাৱন সামৰ্থ বৃদ্ধি হোৱাকৈ আগশাৰীৰ বিজ্ঞান প্ৰতিষ্ঠানত প্ৰশিক্ষণ আৰু অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদানৰ বাবে পৰিকল্পনা কৰা হৈছে। এছটেকৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে ৰাজ্যৰ দহগৰাকী অগ্ৰণী পৰিৱেশবিদ তথা পৰিৱেশকৰ্মীক ২০২২ বৰ্ষৰ ‘পৰিৱেশ মিত্ৰ’ সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী মহন্তই। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে এই বছৰৰ পৰা আৰম্ভ কৰা পৰিৱেশ মিত্ৰ সন্মান প্ৰথমটো বৰ্ষত লাভ কৰা বিশিষ্ট পৰিৱেশবিদ তথা পৰিৱেশকৰ্মীকেইগৰাকী হৈছে ড° পৰমেশ্বৰ গগৈ, ড° পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, ড° দীনেশ চন্দ্ৰ গোস্বামী, অধ্যাপক পাৰ্থংকৰ চৌধুৰী, বিজয় চৌধুৰী, প্ৰশান্ত কুমাৰ বৰদলৈ, মুবিনা আখটাৰ, জয়নাল আবেদিন, দেৱজিত ফুকন, ক্ষণজিৎ গগৈ। তদুপৰি, একেটা অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন অংশৰ কেইবাখনো শিক্ষানুষ্ঠানক শ্ৰেষ্ঠ বিদ্যালয় ইক’ক্লাৱ আৰু শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ বঁটাও প্ৰদান কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম বিধান বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক (উত্তৰ পূৱ) ইন্দ্ৰনীল সন্ন্যাল আৰু ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ যুটীয়া সচিব তথা এছটেকৰ সঞ্চালক কিমনেই চাংচনেও অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.