লক্ষীমপুৰৰ প্রবীণ খেলুৱৈৰ কৃতিত্ব

0 140

শতাব্দ, লক্ষীমপুৰ, ৩ জানুৱাৰীঃ যোৱা ২৭ৰ পৰা ৩০ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত ৰাজ্যিক প্রবীণ ক্ৰীড়া প্রতিযোগিতাত লক্ষীমপুৰৰ প্রতিযোগীসকলে বিশেষ কৃতিত্বৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দলীয় ভিত্তিত খেলুৱৈসকলে মুঠ ২৫ টা স্বৰ্ণ পদক, ৰূপৰ পদক ১৩ টা আৰু ব্ৰঞ্জৰ ২৯ টা (মুঠ ৬৭ টা পদক অর্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত পবিত্র দাসে দুটা সোণৰ পদক, কুঞ্জ দত্তই ২ টা সোণৰ, উমাকান্তি নৰহে দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ, ৮০ বছৰ ঊর্দ্ধৰ সুৰেশ গগৈয়ে দুটা সোণৰ, ৯৩, বছৰ ঊর্দ্ধৰ হলধৰ দুৱৰাই দুটা সোণৰ আৰু এটা ৰূপৰ, ৭৫ বছৰ ঊর্দ্ধৰ হৰেন ডেকাই তিনিটা সোণৰ, ৮০ বছৰ ঊদ্ধৰ পুতুল শইকীয়াই তিনিটাকৈ সোণৰ পদক অর্জনেৰে সুনাম কঢ়িয়াই আনে বুলি লখিমপুৰৰ প্ৰবীণ খেলুৱৈ সংস্থাৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰ দত্তই জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.