লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয় সম্পৰ্কীয় আলোচনা চক্ৰ অনুষ্ঠিত

0 0

উত্তৰ লখিমপুৰ, ২২ আগষ্টঃ উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয়ৰ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আৰু সাহিত্য অকাডেমীয়ৰ পূব মণ্ডলৰ উদ্যোগত মহাবিদ্যালয়খনুৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই আলোচনা চক্ৰৰ উদ্বোধনী অধিৱেশনৰ সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে কলকাতাৰ পূব মণ্ডলৰ সাহিত্য অকাডেমীৰ সম্পাদক ড০ দেৱেন্দ্ৰ কুমাৰ দেৱেশে। উদ্বোধনী ভাষণত ড০ দেৱেশে কয় যে সাহিত্য অকাডেমীয়ে বিভিন্ন ভাষা-সাহিত্যক প্ৰচাৰ কৰি ভাৰতৰ ভাষিক আৰু সাহিত্যিক বৈচিত্ৰ্যক উদযাপন কৰি আহিছে। ড° এছ ৰাধাকৃষ্ণনৰ উদ্ধৃতি দি তেওঁ কয় যে সাহিত্য অকাডেমীৰ অনুবাদৰ কামসমূহ হৈছে আঞ্চলিক ভাষাৰ পৰা জাতীয় পৰিচয় বা ভাৰতীয়ত্ব গঢ়ি তোলা। অনুষ্ঠানত এক পৰিচয় ভাষণ প্ৰদান কৰে সাহিত্য অকাডেমীৰ অসমীয়া পৰামৰ্শদাতা ব’ৰ্ডৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই।উদ্বোধনী অধিৱেশনৰ মূল ভাষণ প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে আয়োজক সমিতিৰ আহ্বায়ক অধ্যাপক ছাজ্জাদ হুছেইনে। অনুষ্ঠানত শলাগৰ শৰাই জ্ঞাপন কৰে অধ্যাপক ড° হৰিণী পাটোৱাৰী দাসে। উদ্বোধনী অধিৱেশনৰ পিছতে অনুষ্ঠিত হোৱা প্ৰথমটো কাৰিকৰী সত্ৰখনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্যকাম বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। দৈনিক অসম কাকতৰ উপ সম্পাদক বেদব্ৰত দেৱ মিশ্ৰ আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সহকাৰী অধ্যাপক ড০ আৰবিন্দ ৰাজখোৱাই আলোচনা চক্ৰৰ বিষয়বস্তুৰ ওপৰত গৱেষণা পত্ৰ উপস্থাপন কৰে।দ্বিতীয় কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে সাহিত্য অকাডেমিৰ অসমীয়া পৰামৰ্শদাতা ব’ৰ্ডৰ সদস্য ড০ মাধুৰ্য্য মণ্ডিত বৰুৱাই। গুৱাহাটি উচ্চ ন্যায়ালয়ৰ অধিবক্তা জ্যোতিষ্মিতা শৰ্মা আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিভা দত্তই গৱেষণা পত্ৰ পাঠ কৰে। এই একেটা অনুষ্ঠানতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড° শিখামণি বৰগোহাঁইৰ গল্প সংকলন “আবেলি বেলিৰ ৰং” উন্মোচন কৰা হয়। বিশিষ্ট ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে ড° বৰগোহাঁইৰ গল্প সংকলনটি উন্মোচন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.