উত্তৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ ১৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক দ্বিতীয় চক্ৰৰ ‘বি’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-বাংগালুৰুৱে। নাকে আজি এই কথা তেওঁলোকৰ পৰিদৰ্শন দলৰ মহাবিদ্যালয়ৰ ভ্ৰমণৰ পিছতে ঘোষণা কৰে। হাৰিয়ানাৰ চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ আজমেৰ সিং মালিক, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক ড০ শিবা উদগত’ আৰু মুম্বাইৰ এছ ই এম টিৰ এম বি হেৰিছ কলেজ অৱ আৰ্টছৰ আৰু এ ই কালছেকাৰ কলেজ অৱ কমাৰ্চ এণ্ড মেনেজমেণ্টৰ অধ্যক্ষ ড০ মহম্মদ খলিল আহমদক লৈ নাকৰ দলটো মূল্যায়নৰ বাবে ৩ আৰু ৪ ফেব্ৰুৱাৰীত লখিমপুৰ বাণিজ্য মহাবিদ্যালয় ভ্ৰমণ কৰে। নাকৰ দলটোৱে অধ্যক্ষ, আই কিউ এ চি, অধ্যাপক, ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি মহাবিদ্যালয়খনৰ চুকুলীভৰীয়া চৌহদ, পুথিভঁৰাল, মহিলা হোষ্টেল পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও ভ্ৰমণৰ সময়ত প্ৰাক্তন ছাত্ৰ, অভিভাৱক, কলেজ গভৰ্নিং বডি, জিলা প্ৰশাসন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়াসকলক সাক্ষাৎ কৰে। অধ্যাপক কুলদীপ নাৰায়ণ দত্ত আৰু ড° মনোজ কুমাৰ শীলে লিখা আণ্ডাৰষ্টেণ্ডিং গ্ল’বেল পলিটিক্স নামৰ এখন গ্ৰন্থ এখনো নাকৰ দলটোৱে মহাবিদ্যালয়ত উন্মোচন কৰে।
উল্লেখযোগ্য যে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়খনে শেষবাৰৰ বাবে নাকৰ দ্বাৰা স্বীকৃতি লাভ কৰিছিল ২০০৪ চনত।তেতিয়াৰ পৰা মহাবিদ্যালয়খন পুনৰ স্বীকৃতিৰ পৰৱৰ্তী চক্ৰৰ বাবে আগবাঢ়িব পৰা নাছিল। কিন্তু ২০২১ চনৰ ২৪ ডিচেম্বৰত ড০ লোহিত হাজৰিকাই ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা মহাবিদ্যালয়খনত পুনৰ স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈ এবছৰৰ ভিতৰত নাকৰ মূল্যায়ন কৰা হয়। নাকৰ স্বীকৃতিৰ পিছত অধ্যক্ষ ড০ হাজৰিকাই প্ৰতিজন অধ্যাপক, গ্ৰন্থগাৰিক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীক এই কৃতিত্বৰ বাবে অভিনন্দন জনায়। লগতে মহাবিদ্যালয়খনে নাকৰ ‘বি’ গ্ৰেড লাভ কৰাত সহযোগিতা আৰু অৱদান আগবঢ়োৱাৰ বাবে প্ৰাক্তন ছাত্ৰ সন্থা, প্ৰাক্তন শিক্ষক-কৰ্মচাৰী, মহাবিদ্যালয়ৰ গভৰ্নিং বডি, চি ডি চি-ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু লখিমপুৰ জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে।