লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন বিষয়ক আলোচনা 

0 46

উত্তৰ লখিমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত পৰ্যটন উদ্যোগত আজি নিয়োগৰ সম্ভাৱনাৰ ওপৰত এক দিনজোৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ যুৱ টুৰিজিম ক্লাৱৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰৰ চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ যুৱ টুৰিজিম ক্লাৱৰ সমন্বয়ক অধ্যাপক অনিৰ্বাণ পাটগিৰীয়ে। চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজৰ পৰা জাকিৰ হুছেইনে সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। তেওঁ আতিথ্য, ভ্ৰমণ বুকিং, গাইড ট্যুৰ, ছুটীৰ পেকেজ, ক্ৰুজ আৰু অন্যান্য কাৰ্য্যকলাপৰ পৰা আৰম্ভ কৰি পৰ্যটন খণ্ডৰ কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে বিশ্ব পৰ্যটন মানচিত্ৰত থকা বিভিন্ন লক্ষ্যস্থান সমুহৰ বিষয়ে ব্যাখ্যা কৰে। আলোচনা চক্ৰত জ্যেষ্ঠ অধ্যাপক পূৰবী দত্ত হাজৰিকা, ড° ৰূপজ্যোতি ভট্টাচাৰ্য, মৃদুস্মিতা হাজৰিকা, ড° সত্যনাথ পেগু, মৃণালিনী পেগু, সৌৰভ চক্ৰৱৰ্তীৰ লগতে চূড়ান্ত ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.