উত্তৰ লখিমপুৰঃ ১২ মে’: লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেল আৰু আইকিউএ চেলৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় চিকিৎসা মোবাইল ইউনিট-১০০)ৰ সহযোগত আজি ইয়াৰ পালিত গাঁও বৰবিলত এক পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই অধ্যাপক, কাৰ্যালয়ৰ কৰ্মচাৰী, চিকিৎসা কৰ্মী আৰু স্থানীয় গাঁওবাসীৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আইকিউএচিৰ সমন্বয়ক ড° দাদুল ৰাজকোঁৱৰে শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰে। উত্তৰ লখিমপুৰৰ চিকিৎসা বিষয়া ডাঃ অয়ন দাসে সেৱা প্ৰদানকাৰী হিচাপে স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে। লালুক আদৰ্শ চিকিৎসালয়ৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ মেঘালী বৰদলৈয়ে শিবিৰত অংশগ্ৰহণ কৰি ৰোগীসকলৰ বাবে খাদ্যৰ সঠিক ব্যৱহাৰৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰদান কৰে। শিবিৰত মুঠ ১৭৫ গৰাকী গাঁৱৰ লোকে স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু তেওঁলোকৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।শিবিৰটোৰ সমন্বয়ক অধ্যাপক অবন চন্দ্ৰ বৰ্মন আৰু এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেলৰ আহ্বায়ক অধ্যাপক অচ্যুত কুমাৰ গগৈয়ে অনুষ্ঠানটো পৰিচালনা কৰে। অনুষ্ঠানত অধ্যাপক দীপজান গোহাঁই, অধ্যাপক অধ্যাপক বিনোদ পাংগিং আৰু গাণনিক দীপক বৰবৰাইও অংশগ্ৰহণ কৰে।
