শতাব্দ, লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাত বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে চৌদিশে অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই মৰ্মে লখিমপুৰ জিলাতো বন বিভাগে চালান বিহীন ভাৱে শিল-বালি সৰবৰাহ কৰা ডাম্পাৰ-ট্রেক্টৰ আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এনে সাতখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। জিলা বন প্রাধিকাৰীয়েও এনে অভিযানত নিজেই নামি পৰাত একাংশ ব্যৱসায়িক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত পথালিপামত অবৈধ ভাবে শিল সৰবৰাহ কৰা এখন ডাম্পাৰ জব্দ কৰাৰ লগতে দুখন ট্রেক্টৰ জব্দ কৰে বন বিভাগে। এনেদৰে জহিঙতো জহিঙৰ খণ্ড বন বিষয়া আৰু আৰক্ষীয়ে এনে এখন চালানবিহীন ট্রেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। ১৭ জুলাইতো লখিমপুৰৰ বন বিভাগে এনে দুখন ডাম্পাৰ জব্দ কৰে। আনহাতে আজি চৰাইমৰীয়াত শিমলু কাঠ ভর্তি এখন ট্রেক্টৰ জব্দ কৰাৰ লগতে বন বিভাগে কৃষ্ণ পেগু আৰু মিগম টাইদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ১নং কাৱৈমাৰী আৰু মঘুৱাচুকৰ নিবাসী দুয়োকে আজি বন বিভাগে জেললৈ প্ৰেৰণ কৰে। একেদৰে চালান বিহীন ভাৱে শিলবালি সৰবৰাহ কৰা ট্ৰেক্টৰ ডাম্পাৰসমূহ বন বিভাগে জব্দ কৰি এই বাহন সমূহৰ পৰা জৰিমনা সংগ্ৰহৰ পদক্ষেপ গ্ৰহণ কৰা বুলি আজি লখিমপুৰ আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিয়ে।
