শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুনঃ শিশু আৰু কিশোৰ কিশোৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সান্নিধ্য নাট্য বিদ্যালয়ৰ উদ্যোগত তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় আৰু প্ৰতিবিম্ব-দি ৰিফ্লেক্সনৰ সহযোগত অহা ২১ জুনৰ পৰা ২৫ জুলাইলৈকে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গনত এখনি অভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। মূলত: অভিনয়ৰ যদিও কৰ্মশালাখনিত পৰিৱেশ্য কলাৰ সকলোকেইটা দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । কৰ্মশালাখনিত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিব অসমৰ নাট্য জগতখনক এক বিশেষ পৰ্যায়লৈ আগবঢ়াই নিয়াৰ চেষ্টাত ব্ৰতী তিনিজন বিশেষ ব্যক্তিয়ে। তেখেতসকল হৈছে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা গুণাকৰ দেৱগোস্বামী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, অসম তথা বলিউডৰ অভিনেতা, পৰিচালক পবিত্ৰ ৰাভা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, অভিনেতা, পৰিচালক গুণমনি বৰুৱা। ইয়াৰ উপৰিও বিভিন্নজন সমল ব্যক্তিয়ে বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰি প্ৰশিক্ষাৰ্থীসকলক সুস্থ মানসিকতাৰে, সবল চিন্তাৰে সমাজ ব্যৱস্থাত নিজকে এক সুনাগৰিক হিচাপে গঢ় দিয়াত দুখোজ আগুৱাই নিয়াৰ চেষ্টা কৰিব ।