শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ প্ৰায় আঢ়ৈ দশক কাল অসমৰ অন্যতম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাত সেৱা আগবঢ়োৱা লখিমপুৰৰ ধনমনি দত্তই আজি আনুষ্ঠানিক ভাৱে ব্যক্তিগত কাৰণত সংগঠনটোৰ পৰা বিদায় লয়৷ তদুপলক্ষে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন আনুষ্ঠানিক সভাত লখিমপুৰ জিলা ছাত্ৰ সন্থাই আছুৰ কেন্দ্ৰীয় নেতাজনক বিদায় সম্বৰ্ধনা জনায়৷ উল্লেখ্য ১৯৯৮ চনৰ পৰা জাতীয় সংগঠনটোত নিষ্ঠাৰে সেৱা আগবঢ়াই অহা ধনমণি দত্তই ২০০৪ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাত সক্ৰিয় ভাৱে জড়িত হৈ পৰে৷ এই সুদীৰ্ঘ সময়চোৱাত তেওঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, উপ-সভাপতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহাৰ লগতে ২০২০ চনৰ পৰা আজি পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছিল৷ আজি ধনমণি দত্তই নিজ ইচ্ছাৰে আছুৰ পৰা বিদায় লোৱাৰ পিছত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেওঁক সতীৰ্থ সকলে আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কোঁৱৰ, ফৰিদুৰ ৰহমান, সভাপতি সীমান্ত নেওগ, সম্পাদক স্বৰাজজ্যোতি গগৈ আদিৰ লগতে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ২২ খন আঞ্চলিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ আজি ছাত্ৰ নেতাজনক অসমীয়া যুৱ মঞ্চ, টি এম পি কেৰ জিলা সমিতিৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ বিদায়ী ছাত্ৰ নেতাজনক আছুৰ স্মাৰক, সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, সঁফুৰা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷