লখিমপুৰত আৰ্থিক দীনতাক নেওচি উজ্বলিল কৰিশ্মা-নিহা

0 0
নিহা গোহাঁই

উত্তৰ লখিমপুৰ, ৭ জুনঃ আৰ্থিক দীনতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেই কথা এইবাৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ লীলাবাৰীৰ কৰিশ্মা কলিতা আৰু নিহা গোঁহায়ে। কালি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈ কৰিশ্মা কলিতাই ৮১% নম্বৰ আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা অৱতীৰ্ণ হৈ নিহা গোহাঁয়ে ৮০% নম্বৰ লাভ কৰি তেওঁলোকৰ পৰিয়ালৰ লগতে লীলাবাৰীৰ চান্দমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। লীলাবাৰীৰ চান্দমাৰী গাঁৱৰ নিবাসী বাবুল কলিতা আৰু বিজু কলিতাৰ কন্যা কৰিশ্মা কলিতাই ৪ টা বিষয়ত লেটাৰ নম্বৰসহ ৪০৫ নম্বৰ লাভ কৰি প্রথম বিভাগত আৰু বুদ্ধেশ্বৰ গোহাঁই আৰু মামনি গোহাঁইৰ কন্যা নিহা গোহাঁয়ে ৩ টা বিষয়ত লেটাৰ নম্বৰসহ ৪০০ নম্বৰ লাভ কৰি প্রথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হয়। দীনতাৰ মাজতো নিজৰ চেষ্টা তথা অধ্যৱসায়ৰ জৰিয়তে তেওঁলোকে শিক্ষাৰ যাত্ৰা শৃংখলাবদ্ধভাৱে অব্যাহত ৰখাত সমগ্র গাওঁবাসী তেওঁলোকক লৈ গৌৰৱান্বিত হৈ পৰিছে। উল্লেখ্য যে, নিহাৰ উচ্চতৰ মাধ্যমিক বৰ্ষত পঢ়াৰ সম্পূৰ্ণ খৰচ ব্ৰিলিয়েণ্ট একাডেমি কৰ্তৃপক্ষই বহন কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.