লখিমপুৰত ই-ৰিক্সা চালকৰ দৌৰাত্ম

লখিমপুৰ নগৰত ইচ্ছামতে ভাড়া সংগ্ৰহ ই-ৰিক্সা চালকৰ

0 40
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ বিগত কিছু দিনৰ পৰা লখিমপুৰ নগৰত একাংশ ই-ৰিক্সাই তীব্র যান-যঁটৰ সৃষ্টি কৰি অহাৰ লগতে একাংশ চালকে ম‍ইমতালিৰে ই-ৰিক্সা চলাবলৈ লোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ নগৰখনত ই-ৰিক্সাৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাব ধৰিছে। নগৰখনৰ বিভিন্ন অলিয়ে-গলিয়ে চলি ফুৰা এই ই-ৰিক্সা সমূহে এতিয়া নিজ ইচ্ছাৰে সংগ্ৰহ কৰি আহিছে ভাড়া। যাৰ যি মন যায় তেনেদৰেই যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰি অহাৰ ফলত সঘনাই ই-বিক্সা চালকৰ লগত যাত্ৰীৰ তৰ্ক যুদ্ধ চলি আহিছে। লক্ষণীয় কথা যে একাংশ ই-ৰিক্সা চালকে বিভাগীয় নীতি-নিয়ম উলংঘা কৰি নগৰখনৰ পৌৰসভা এলেকাত ভাড়া সংগ্ৰহ কৰি অহাৰ লগতে বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা অধিক হাৰত ভাড়া সংগ্ৰহ কৰি অহাৰ ফলত সময়ে সময়ে ই-ৰিক্সা চালক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বাক-বিতণ্ডা চলি আহিছে। একাংশ ছাত্র-ছাত্রীক ই-ৰিক্সা চালকে ভাড়া সংগ্ৰহৰ নামত অধিক ভাড়া লৈ কেকোঁৰা চেপা দি আহিছে। আনহাতে লখিমপুৰৰ বিভিন্ন পথত একাংশ ই-ৰিক্সা চালকে পথৰ মাজতে ই-ৰিক্সা ৰাখি যাত্রী উঠোৱা নমোৱা কৰ, পথত গৈ থকা ই-ৰিক্সাখন হঠাতে পথৰ মাজতে চালকৰ ইচ্ছামতে ঘুৰাই দিয়াৰ ফলত আন বাহনৰ লগত খুন্দা লগা আদি কাৰ্যসমূহ নিত্য নৈমিত্তিক ভাৱে ঘটি আহিছে। সেয়েহে নগৰখনত চলি থকা ই-ৰিক্সাৰ এনে দৌৰাত্ম শীঘ্ৰে বন্ধ কৰি যাত্ৰীসকলক সুবিধা কৰি দিয়াৰ লগতে অধিক ভাড়া সংগ্ৰহৰ ক্ষেত্ৰতো বিভাগীয় বিষয় কৰ্মচাৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভুক্তভোগী লোকসকলে দাবী জনাইছে। এই ক্ষেত্ৰত জিলা উপায়ুক্ত জিলা পৰিবহন বিষয়া, যান-বাহন আৰক্ষীৰ হস্তক্ষেপ দাবী কৰিছে তেনে লোকসকলে।
মন্তব্য দিয়ক

Your email address will not be published.