লখিমপুৰত এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

0 128

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২২ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ দাবীত আজি এনেদৰে সংস্থাই কৰ্মবিৰতি পালন কৰে৷ জিলা সমিতিৰ সভাপতি ভাস্কৰ দলে, সম্পাদক প্ৰদীপ বৰুৱাৰ স্বাক্ষৰিত বিবৃত্তিত কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি [এন পি এছ] বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, অৱসৰকালীন এন পি এছৰ অধীনৰ কৰ্মচাৰীসকলক অৱসৰকালীনৰ সকলো সুবিধা প্ৰদান কৰা আৰু এন পি এছৰ আওতাত পৰা কৰ্মচাৰী সকলক চৰকাৰে ঘোষণা কৰা অনুসৰি নূন্যতম ১০ [দহ] লাখ টকা ডি চি আৰ জি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাই আজি সংস্থাই লখিমপুৰৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ তদুপলক্ষে আজি লখিমপুৰত এন পি এছৰ অধীনস্থ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.