লখিমপুৰত কোটি টকীয়া জল জীৱন আঁচনিত নিম্নমানৰ কামেৰে কোটি টকাৰ সৰকোৱাৰ কৌশল ঠিকাদাৰৰ

0 0
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ জলজীৱন মিছন আঁচনিৰ কামত এনেদৰে ঠিকাদাৰৰ নিম্নমানৰ কামেৰে কোটি টকা সৰকাই নিয়াৰ কৌশল পোহৰলৈ আহিছে৷ বিভাগীয় কনিষ্ঠ অভিযন্তাৰ তদন্তত এনে ব্যাপক বিসংগতি তথা অনিয়ম উন্মোচিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তিনিকুৰীয়া সোণাৰি পানী যোগান আঁচনি খনত এনে অনিয়ম সংঘটিত হৈছে৷ আজি জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কনিষ্ঠ অভিযন্তা ৰিতুপৰ্ণা হাজৰিকাৰ পৰা এই সন্দৰ্ভত জানিব বিছৰাত তেওঁ কয় যে তিনিকুৰীয়া সোণাৰি পানীযোগান আঁচনিখন কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ৰছিদ জৈন স্বত্বাধিকাৰীৰ এ এণ্ড এ কনষ্ট্ৰাকচনে৷ তেওঁ আঁচনিখন নিৰ্মাণত সংঘটিত কৰা বহু অনিয়ম প্ৰত্যক্ষ কৰাৰ পিছত এই আঁচনিখনৰ বিসংগতিপূৰ্ণ অথবা অনিয়ম হোৱা অংশ সমূহত পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছে৷ আঁচনিখনত নীতি বৰ্হিভূত ভাৱে ঠিকাদাৰজনে ১২ এম এম ৰডৰ পৰিৱৰ্তে ৬ এম এম আৰু জ্জ্ব এম এম ৰড ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি তেনে ৰড ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু বহু বিসংগতি পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে৷ তাৎপৰ্যপূৰ্ণ কথা যে ঠিকাদাৰজনে আঁচনিৰ প্ৰাককলন অনুসৰি কাম নকৰি কোটি টকা সৰকাই নিয়াৰ কৌশল ৰচনা কৰিছে৷ তেওঁ আৰু একাধিক আঁচনিত এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লক্ষণীয় কথা যে বিভাগীয় বিষয়াই নিৰ্দেশ দিয়াৰ পিছতো উক্ত আঁচনিখন সঠিকভাৱে নিৰ্মাণ কৰাত এতিয়াও ঠিকাদাৰজনৰ গা লৰা নাই৷
মন্তব্য দিয়ক

Your email address will not be published.