লখিমপুৰত চাৰি শতাধিক দৰিদ্ৰ পৰিয়ালক ৰেডক্ৰছ চ’ছাইটিৰ সাহায্য- সামগ্ৰী বিতৰণ

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ জানুৱাৰীঃ লখিমপুৰ জিলাৰ বানবিধ্বস্ত, খহনীয়াগ্ৰস্ত তথা ঘৰ-বাৰী হেৰুৱাই বৰ্তমান মথাউৰিত বসবাস কৰি থকা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিশ টা পৰিয়ালৰ মাজত আজি ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ লখিমপুৰ শাখাই বিভিন্ন লাগতিয়াল সা-সামগ্ৰী বিতৰণ কৰে। ৰেডক্ৰছ চ’ছাইটিৰ তাৎক্ষণিক মানৱীয় ব্যৱস্থাৰ অধীনত পৰিয়াল একোটাক পুনঃসংস্থাপনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্যসূচী আজি লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই শুভ উদ্বোধন কৰে। পানীগাঁওস্থিত অ’ পি ডি মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ বেলিকা চ’ছাইটিৰ তৰফৰ পৰা তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুদৈবিল, আলিচিগা মিচিং গাঁও, মৰতপুৰ কৈৱৰ্ত গাঁও, কাঁহিদুৱাৰ কাংকান চাপৰি, ন-আলি তেলিয়া পথাৰ, চন্দ্ৰপুৰ, নতুন শালমৰা আৰু মাগুৰমাৰী গাঁৱৰ ৪০০ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালক একোখনকৈ বৃহৎ আকাৰৰ তাৰ্পলিন, আঠুৱা, কম্বল তথা ঘৰুৱা ব্যৱহৃত বহু সামগ্ৰী বিতৰণ কৰে। কাৰ্যসূচীত ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ লখিমপুৰ শাখাৰ অধ্যক্ষ ৰাজেশ মালপানী, জিলা সম্পাদক ৰাজীৱ শৰ্মা, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱা, পানীগাঁও পঞ্চায়তৰ সভাপতি জিতুমণি বৰা তথা চ’ছাইটিৰ সদস্য চাৰু বৰাকে ধৰি বহু সদস্য-সদস্যা উপস্থিত থাকে। ইয়াৰ পূৰ্বেও ছছাইটি য়ে এনেদৰে বিভিন্ন ঠাইত উন্নত মানৰ সামগ্ৰী বিতৰণ কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.