লখিমপুৰত  চিতু ৰিঅ’ কাৰাটেৰ প্রশিক্ষণ

0 32
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২জুনঃ লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ টিকাৰগাৱঁত থকা জে. এন. এজেঞ্চিত আজি দিনজোৰা কাৰ্যসূচীৰে চিতুৰিঅ কাৰাটে একাডেমী জিলা শাখাৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। অসম ৰাজ্যিক কাৰাটে এচোছিয়েশ্যনৰ অন্তৰ্গত আচাম চিতুৰিঅ কাৰাটে এচোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণত অঞ্চলটোৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰে। একাডেমীৰ সভাপতি হবিবুৰ ৰহমান, সম্পাদক হিফজুল হুছেইনে জানিবলৈ দিয়া মতে আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত গুৱাহাটীৰ পৰা অহা প্রশিক্ষক তথা অসম অলিম্পিক কাৰাটে এচোচিয়েচনৰ উপ-সভাপতি  সমীৰ দাস, কল্যাণী দেৱী বৰঠাকুৰৰ লগতে ইচফাকুৰ ৰহমান (জোনটি) অৰূপজ্যোতি চেতিয়া, ইচফাকুৰ ৰহমান (বাবা) কে ধৰি স্থানীয় জমিৰউদ্দিন আহমেদসহ ভালেকেইজন লোকে অংশ গ্রহণ কৰে। প্ৰশিক্ষণত সৰু বৰ প্ৰশিক্ষাৰ্থীসকলক কাৰাটেৰ বিভিন্ন সমৰকলাৰ প্রশিক্ষণ দিয়া হয়।
মন্তব্য দিয়ক

Your email address will not be published.