শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ আগষ্টঃ উত্তৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত চুৰি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন কিশোৰৰ মৃত্যু হোৱা ঘটনাই লখিমপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে যোৱা ২৪ আগষ্টত বিকাশ মুণ্ডা ওৰফে বিকি নামৰ লোকজনে তেওঁৰ নিজা ঘৰত চুৰি বিদ্যুৎ সংযোগ কৰি গৃহ নিৰ্মাণৰ ৱেলডিঙৰ কাম কৰাই থকা অৱস্থাত উত্তৰ লখিমপুৰ সদৰ থানাৰে অন্তৰ্গত ২ নং ৰাওনাপুৰৰ মোতামিল হকৰ পুত্ৰ ৰাজিবুল আলি [১৬]ৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷ এই সন্দৰ্ভত মৃত ৰাজিবুলৰ পৰিয়ালৰ লোকে উত্তৰ লখিমপুৰ সদৰ থানাত দাখিল কৰা অভিযোগ মতে বিকি মুণ্ডাই ৰাজিবুলৰ পৰিয়ালৰ অনুমতি নোলোৱাকৈ কিশোৰ গৰাকীক শ্ৰমিক হিচাপে নিয়োগ কৰি ৱেলডিঙৰ কামত ব্যৱহাৰ কৰি আহিছিল৷ কিশোৰগৰাকী কোনো পেছাদাৰী শ্ৰমিক নাছিল৷ তেওঁলোকৰ মতে ১১ কে ভি বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা বিদ্যুৎ চুৰি কৰি ৱেলডিঙৰ কামত ৰাজিবুলক নিয়োগ কৰাৰ সময়তে কিশোৰজন বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতি লয়৷ ঘটনা সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ লোকক কোনো খবৰ নিদিয়াকৈ মৃতদেহটো এখন ই ৰিক্সাত উঠাই চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত বিকি মুণ্ডাৰ পৰিয়ালে কোনো গুৰুত্ব নিদি কিশোৰগাৰীক এৰি পলায়ন কৰাত ২ নং ৰাওনাপুৰবাসী ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু আজি লখিমপুৰ সদৰ থানাত উপস্থিত হৈ কিশোৰৰ গৰাকীৰ মৃত্যুৰ তদন্তৰ দাবী জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এটা গোচৰ পঞ্জীভুক্ত হৈছে আৰু বিকি মুণ্ডাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে ঘটনাত জড়িত থকা আবাৰ আলি নামৰ ঠিকাদাৰজনে পলাতক অৱস্থাত আছে৷ আনহাতে বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এজন নিৰীহ কিশোৰে এনেদৰে অকাল মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াক মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতি, হিন্দু যুৱ পৰিষদ আদিয়ে দোষীক শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷ সংগঠন কেইটাই লখিমপুৰ সদৰ থানাতো এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে৷ উল্লেখ্য যে বিদ্যুৎ বিভাগেও বিকি মুণ্ডাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷