শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ পাৰ্শ্বৱৰ্তী বগলীজানৰ গোৱৰিশালীত যোৱা ২৮ আগষ্টৰ নিশা ছাগলী চোৰে হত্যা কৰা প্ৰণৱ শইকীয়াৰ আত্মীয়লৈ অসম চৰকাৰে পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰেৰণ কৰা পাঁচ লাখ টকাৰ ধনৰ চেকখন আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু জিলা আয়ুক্ত সুমিত সাত্তাৱনে আনুষ্ঠানিক ভাৱে নিহত প্ৰণৱৰ জ্যেষ্ঠ ভাতৃ-মাতৃৰ হাতত প্ৰদান কৰে৷ জিলা আয়ুক্ত আৰু বিধায়কজনে গোৱৰিশালীৰ প্ৰয়াত প্ৰণৱ শইকীয়াৰ ঘৰলৈ গৈ প্ৰণৱৰ পিতৃৰ নামত আজি পুৱা এই আৰ্থিক সাহায্যৰ চেকখন প্ৰদান কৰে৷ উল্লেখ্য যে ২৮ আগষ্টৰ নিশা ছাগলী চোৰক ধৰিবলৈ যোৱাৰ সময়ত দুই ছাগলী চোৰে মেধাৱী ছাত্ৰ তথা তেজপুৰ আই টি আইৰ প্ৰশিক্ষাৰ্থী প্ৰণৱক চুৰিকাঘাত কৰি হত্যা কৰিছিল৷ ৰাইজৰ প্ৰৱল প্ৰতিবাদ কল্পে ২৯ আগষ্টৰ দুপৰীয়াই লখিমপুৰ আৰক্ষীয়ে খেলমাটি থানাৰ অন্তৰ্গত চাপৰি গাঁৱৰ পৰা ছাগলী চোৰৰ লগত জড়িত দুই চোৰ ক্ৰমে আজিজুৰ ৰহমান আৰু ছফিক আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হত্যাকাৰীক ফাঁচীৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধ, থানা ঘেৰাও আদিৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷ দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰা অসম চৰকাৰৰ এনে কাৰ্যত স্থানীয় ৰাইজে প্ৰশংসা কৰাৰ লগতে হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে৷