লখিমপুৰত জল জীৱন আঁচনিৰ ঠিকাদৰৰ নাম তালিকা বিধায়কে অনুমোদনৰ বাবে মন্ত্ৰীলৈ প্ৰেৰণ কৰাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া

0 25
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰত জল জীৱন আঁচনিৰ কাম আৱন্টনৰ নামত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰি৷ শেহতীয়াকৈ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি বিধায়ক ডেকাই নিজৰ পচন্দৰ একাংশ বচা বচা ঠিকাদাৰৰ নাম জল জীৱন আঁচনিৰ কামৰ আৱন্টনৰ বাবে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰেৰণ কৰা বুলি আজি এখন তালিকা সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হয়৷ যাৰ বাবে নিজা দলৰ নেতা-পালিনেতাই অসন্তুষ্ট হোৱাৰ সমান্তৰালকৈ থলুৱা নিবনুৱা যুৱকসকল ক্ষুব্ধ হৈ পৰিছে৷ বিশেষকৈ বিভাগীয় কাৰ্যবাহী অভিযন্তা, বিধায়ক মানৱ ডেকাই একাংশ অনা অসমীয়া ঠিকাদাৰৰ বৃহৎ তালিকা প্ৰস্তুত কৰা বুলি প্ৰচাৰ হোৱাৰ লগতে ৪১জন নিৰ্দিষ্ট ঠিকাদাৰক কামৰ আৱণ্টন দিবলৈ বিভাগীয় মন্ত্ৰীলৈ তালিকা প্ৰেৰণ কৰাৰ তথ্য ভাইৰেল হোৱাৰ পিছতে লখিমপুৰত থুলুৱা ঠিকাদাৰসকল ক্ষুব্ধ হৈ পৰিছে৷ এই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত একোজন অনা অসমীয়া ঠিকাদাৰে পূৰ্বে ১৫-২০টাকৈ কামৰ আৱণ্টন লাভ কৰাৰ পিছত এতিয়া নিৰ্ধাৰিত সময়ত আঁচনিৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই৷ জানিবপৰা মতে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ লখিমপুৰ সংমণ্ডলত প্ৰায় সহস্ৰাধিক নিবনুৱা যুৱকে নাম পঞ্জীয়ন কৰি একোটা কামৰ বাবে বিভাগীয় কাৰ্যালয়লৈ তাত বাতি কৰিছে যদিও কাৰ্যবাহী অভিযন্তা, স্থানীয় বিধায়কৰ মনঃপুত নোহোৱাৰ বাবেও কামৰ আৱণ্টন পোৱা নাই৷ লখিমপুৰৰ এখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত ১৫-২০ টাকৈ কোটি কোটি টকাৰ কামৰ তালিকা প্ৰেৰণ কৰা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে৷ ইফালে উত্থাপিত অভিযোগ সন্দৰ্ভত আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয় যে- এইয়া মোৰ নামত কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰিছে৷ তালিকাত থকা স্বাক্ষৰটো তেওঁৰ নহয় বুলি দাবী কৰাৰ লগতে এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষীক আজি এজাহাৰ দাখিল কৰিছো বুলিও কয়৷ তদুপৰি তালিকাখন কম্পিউটাৰৰ পৰা কোনো লোকে ডাউনলোড কৰা বুলিহে কয়৷
মন্তব্য দিয়ক

Your email address will not be published.