শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ ৰচনা কৰি ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে বিভাগটোৱে ২০২১-২২ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৩০ কোটি টকা৷ অৰ্থাৎ বিগত বৰ্ষতকৈ এইবাৰ ১৩ কোটি টকাতকৈয়ো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ জিলা পৰিবহন বিষয়া সত্যকাম গগৈয়ে আজি জানিবলৈ দিয়া অনুসৰি বিভাগৰ উদ্ধৰ্তম কতৃৰ্পক্ষই ৰাজহ সংগ্ৰহৰ যি লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল তাৰ প্ৰায় ৯৮ শতাংশ পূৰণ কৰিবলৈ সক্ষম হয়৷ সেইমৰ্মে যোৱা এপ্ৰিল মাহৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহলৈ বিভাগটোৱে পথ কৰ, হেলমেট, চিটবেল্ট, গাড়ী পঞ্জীয়ন, অতিৰিক্ত বোজাই কঢ়িওৱা আদিৰ নামত মুঠ ৯৫৬৬ টা গোচৰ পঞ্জীয়ন কৰি কাৰ্যালয়টোৱে ৪৩ কোটি ৩১ লাখ ৪৩ হাজাৰ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্যযে এইবাৰ চলিত বিত্তীয় বৰ্ষত চৰকাৰে লখিমপুৰ জিলা পৰিবহন বিভাগক ৪৪ কোটি ৫ লাখ টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল৷ কাৰ্যালয়টোৰ যানবাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক, চেকাৰ আদিয়ে ৰাজহ সংগ্ৰহৰ এই অভিযানত নিষ্ঠা সহকাৰে দিনে নিশাই কাম কৰি অহাৰ বাবেই বিভাগটোৱে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় বুলি জিলা পৰিবহন বিষয়াগৰাকীয়ে সদৰি কৰিছে৷