লখিমপুৰত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মাৰক গ্ৰন্থ ” অনুকাশ” উন্মোচন

0 105

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ এপ্ৰিলঃ লখিমপুৰৰ এগৰাকী জনপ্ৰিয় তথা দায়বদ্ধ চিকিৎসক প্ৰয়াত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মৃতিত আজি তেঁওৰ জন্মদিনতে ‘অনুকাশ’ The reflection of light নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰা হয়। উত্তৰ লখিমপুৰৰ খেলমাটিৰ বাসগৃহত আজি বিয়লি ৩.৩০ বজাৰ পৰা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখিকা ড° অমিয়া ৰাজবংশীয়ে।অনুষ্ঠানৰ আৰম্ভণিতে মাধব দত্তই বন্তি প্ৰজ্বলন কৰি প্ৰয়াত দত্তৰ গুণসমূহৰ ওপৰত আলোকপাত কৰে। সভাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী, ডাঃ জগদীশ গোস্বামী, সহপাঠী ডাঃ গুনিন গগৈ, পংকজ সভাপণ্ডিত, সহপাঠী বিপিন শইকীয়া, ছাজ্জাদ হুছেইন আদি বহুজনে প্ৰয়াত ডাঃ দত্তৰ জীৱন আৰু কৰ্মৰ বিভিন্ন দিশ সন্দৰ্ভত মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। সভাতে দেৱদীক্ষা ৰয়ে বৰগীত পৰিৱেশন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.