লখিমপুৰত দিব্যাংগ শিশুৱে প্ৰস্তুত কৰিছে মম, চাকি, ফুলদানি

0 37

উত্তৰ লখিমপুৰ ২০ অক্টোবৰঃ  লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে ৭দিনীয়া এক প্ৰাক কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়।উক্ত প্ৰশিক্ষণত ২০ জন দিব্যাঙ্গ শিশুক মমবাটি প্ৰস্তুত,মাটিৰ চাকি প্ৰস্তুত ,ফুলদানি প্ৰস্তুত আদি প্ৰশিক্ষণ প্ৰদান কৰা হয়।দিনৰ ১বজাত অনুস্থিত উদ্বোধনী সভাখনি কৰে বিদালয় সমূহৰ সহ পৰিদৰ্শক ইজাজুল হুছেইনে ।অতিথি হিচাপে উপস্থিত থাকি জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়া,জিলা প্ৰৱন্ধক বৰ্ণালী চিন্তে, ডায়েট আজাদৰ প্ৰৱক্তা নিলম দোলাকাষৰীয়া, খণ্ড গাণনিক গণেশ বৰুৱা,মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ধীৰুমনি শইকীয়া আৰু প্ৰশান্ত গগৈয়ে ভাষণ প্ৰদান কৰে।প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৭০৬নম্বৰ গোৱৰিশালী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হলদাৰে আৰু সহযোগিতা আগবঢ়াই অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীয়ে।আনহাতে প্ৰশিক্ষণত উৎপাদিত সামগ্ৰী সমূহ অহা কালিলৈৰ পৰা বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে লখিমপুৰ জিলা উপায়ুক্তকাৰ্যালয়ৰ সন্মুখত ।

মন্তব্য দিয়ক

Your email address will not be published.