লখিমপুৰত ধুমুহাত তচনচ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

 বিধবস্ত গৃহ উৰুৱাই নিয়াত হিতাধিকাৰীৰ হাহাকাৰঃ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ এপ্ৰিলঃ ৰবিবাৰে লখিমপুৰত অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে বহু গৃহ তচনচ কৰি পেলোৱাৰ লগতে বিদ্যুৎ সংযোগো বিছিন্ন কৰে৷ বিধবংসী ধুমুহা বতাহৰ ফলত বহু গছ-গছনি উভালি পৰি বিস্তৰ ক্ষতি সাধন কৰে৷ পৰিতাপৰ কথা যে এনে ধুমুহা বতাহে জিলাখনৰ একাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বিস্তৰ ক্ষতি সাধন কৰে৷ জিলাখনৰ চাবতি, বগলীজান, কমলাবাৰীয়া, লখিমপুৰ, পানীগাঁও, উত্তৰ তেলাহী, আজাদ, ঘূনাসুঁতি আদি গাঁও পঞ্চায়তৰ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস গৃহ তচনচ কৰি পেলোৱাত দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত হাহাকাৰ লাগে৷ পৰিতাপৰ কথা যে এনে পঞ্চায়তসমূহৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে পি এম এ ৱাইৰ গৃহ লাভ কৰাৰ পিছত তেওঁলোকে প্ৰথম কিস্তিৰ ধন লাভ কৰি গৃহসমূহ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল৷ কিন্তু একাংশ পঞ্চায়ত কৰ্মী-প্ৰতিনিধিয়ে এই হিতাধিকাৰীসকলৰ দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি নিদিয়াত বহু গৃহ আধৰুৱা হৈ ৰয়৷ ফলত কালি হঠাতে অহা ধুমুহা বতাহে এই আধৰুৱা গৃহসমূহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে নতুন ঘৰ আৰম্ভ কৰাত আৰু পুৰণি ভগ্ন গৃহত থকাৰ সময়তে যোৱা নিশা অহা প্ৰচণ্ড ধুমুহা বতাহে এই ভগ্নপ্ৰায় জৰাজীৰ্ণ গৃহসমূহ তচনচ কৰি পেলায়৷ একাংশ হিতাধিকাৰীয়ে অভিযোগ কৰে যে পঞ্চায়ত প্ৰতিনিধিক তেওঁলোকে উৎকোচ দিব নোৱৰাৰ বাবেই পঞ্চায়ত সমূহে ইচ্ছাকৃত ভাৱে দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিয়াত বিলম্ব কৰি আহিছে৷ যাৰবাবে নিৰ্মীয়মান প্ৰধান মন্ত্ৰী আৱাস গৃহৰ কাষতে কোনোমতে বসবাস কৰি অহা হিতাধিকাৰীসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়৷ তেওঁলোকৰ বহুতৰে জৰাজীৰ্ণ গৃহৰ টিনপাত উৰুৱাই নিয়াত বহু পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.