শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুনঃ ৰাজ্যৰ এটা বিয়াগোম বিভাগ হৈছে পৰিবহন বিভাগ। এই পৰিবহন বিভাগটোৰ বহু কাৰ্যালয়ত এতিয়া বিষয়া-কর্মাচাৰী অবিহনেই চলি আছে। তেনে এটা কার্যালয় হৈছে লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। এই কার্যালয়টোত দীৰ্ঘদিন ধৰি স্থায়ী জিলা পৰিবহন বিষয়া, এম. ভি. আই. তথা এনফর্ডমেন্ট বিষয়া অবিহনেই চলি অহাত ৰাইজৰ ভীষণ হাৰাশাস্তি হৈছে। বহু সময়ত কাৰ্যালয়টোলৈ দুৰ দুৰণিৰ পৰা বিভিন্ন কামত অহা লোকসকলে কার্যালয়টোত বিষয়া কৰ্মচাৰীৰ অভাৱত ৰাইজ হতাশ মনেৰে উভটি যাবলগীয়া হয়। উল্লেখনীয় কথা যে রেমাজি জিলাৰ দায়িত্বত থকা এম. ভি. আই. সঞ্জীৱ চুতীয়াকে লখিমপুৰৰো এম. ডি. আইৰ দায়িত্ব দি অহাৰ লগতে তেওঁকে লখিমপুৰৰ জিলা পৰিবহন বিষয়াৰ দায়িত্বও অপৰ্ণ কৰা হৈছে। যাৰ বাবে তেওঁ দুয়োখন জিলা চলাই অহাত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে দুৰ-দূৰণিৰ পৰা অহা লোকসকলে লখিমপুৰৰ কাৰ্যালয়ত বিষয়াজনক বিচাৰি হাবাথুৰি খাব লগা হয়। দীৰ্ঘদিন ধৰি লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ডি. টি. অ’ আৰু এম. ভি. আইৰ পদ খালী হৈ আছে যদিও চৰকাৰে ভাৰপ্ৰাপ্ত বিষয়াক দায়িত্ব দি কাম-কাজ চলাই অহাত কাৰ্যালয়ৰ ভিতৰে বাহিৰে অসুবিধাৰ সৃষ্টি হৈছে। লক্ষ্যণীয় কথা যে কার্যালয়টোত বিষয়-কর্মচাৰীৰ অভাৱৰ স্বত্ত্বেও যোৱা বিত্তীয় বৰ্ষত ৩৩ কোটিৰো অধিক টকা ৰাজহ সংগ্ৰহ কৰি চৰকাৰক জমা দিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত এই ৰাজহৰ সীমা চৰকাৰে ৩৭ কোটি ধাৰ্য কৰিছে। চৰকাৰৰ ৰাজকোষ টনকিয়াল কৰা এনে এটা বিভাগত বিষয়াৰ অভাবে বিভাগীয় আন কৰ্মচাৰী সকলকো সমস্যাত পেলাইছে। কার্যালয়টোত এনফর্রমেন্ট বিষয়া নোহোৱাত সহকাৰী এনফচমেণ্ট বিষয়া গৰাকীয়ে অতিৰিক্ত দায়িত্ব পালন কৰিব লগা হৈছে। য’ত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো প্রতিবন্ধকতাৰ সৃষ্টি হৈছে। বিগত সময়ত পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৰাইজৰ দাবী অনুসৰি স্থায়ী বিষয়া নিযুক্তিৰ আশ্বাস দিয়েই দায়িত্ব সামৰাত বিভাগটোৰ অৱস্থা তথৈবচ হৈ পৰিছে। কাৰ্যালয়ত আহি ৰাইজে বিষয়াৰ খালী চকীমেজ প্রত্যক্ষ কৰাৰ বাহিৰে কাম-কাজ নোহোৱাত নিৰাশ মনেৰে উভটি যাব লগা হোৱাত চৰকাৰৰ ফোপোলা স্বৰূপ ওলাই পৰিছে। এইসকল লোকৰ দাৰী লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত শীঘ্ৰে স্থায়ী জিলা পৰিবহন বিষয়া, এম. ভি. আই. এনফচমেন্ট বিষয়া নিয়োগ কৰক।