লখিমপুৰত নিশা ডকাইতৰ সন্দেহত এজনক আটক

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ফেব্ৰুৱাৰীঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি তথা টাউন বান্তৌত যোৱা নিশা ইমদাদ আলি নামৰ লোকজনৰ ঘৰত জাগুনৰ এজন সন্দেহযুক্ত লোকক আটক কৰি খেলমাটি আৰক্ষীক চমজাই দিয়া হয়৷ ধৃত লোকজনক আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী তথা তিনিচুকীয়া জিলাৰ টিৰাপৰ গংগা ছেত্ৰী বুলি চিনাক্ত কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা প্ৰায় ডেৰ বজাত উক্ত লোকজনে ইমদাদ আলিৰ ঘৰৰ পিছফালেৰে সোমাই বাৰান্দাৰ গ্ৰীল জোকাৰি আঁতৰি যাবলৈ ধৰাৰ সময়তে ইমদাদ আলিৰ পৰিয়ালৰ লোকে সন্দেহযুক্ত লোকজনক আটক কৰিবলৈ সক্ষম হয়৷ নিশাই ধৃত লোকজনক খেলমাটি আৰক্ষীক চমজাই দিয়া হয়৷ ইমদাদ আলিৰ পৰিয়ালে ধৃত লোকজনে ডকাইতিৰ উদ্দেশ্যে নিশা ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ সন্দেহ ব্যক্ত কৰিছে যদিও আৰক্ষীয়ে গংগা ছেত্ৰী মানসিক ভাৱে সুস্থিৰ নহয় আৰু তেওঁ অত্যাধিক মদ্যপান কৰি এনে কাৰ্য কৰা বুলি সন্ধিয়া লোকজনক থানাৰ পৰা এৰি দিয়ে৷ নিশা ডেৰ বজাত বাহিৰ ফালে গেটত তলা লগোৱা অৱস্থাত এই লোকজনে কেনেদৰে বাৰীৰে গৈ আলিৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিলে সেয়াও সন্দেহৰ আৱৰ্তত৷

মন্তব্য দিয়ক

Your email address will not be published.