লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে অভিযান

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগী অথবা শিপিনীৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ বিক্ৰী কাৰ্যত নিষিদ্ধ ঘোষণা কৰিছে তেনে সময়তে লখিমপুৰত একাংশ ব্যৱসায়ীয়ে চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি এনে বস্ত্ৰ বিক্ৰী কৰি আহিছে৷ ইয়াৰ পৰিণতিত আজি লখিমপুৰত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগেটোৱে বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত গৈ অভিযান চলায়৷ লখিমপুৰৰ দণ্ডাধীশ নাটালিয়া নাটাশা সন্দিকৈ তথা লখিমপুৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ উপ-সঞ্চালক জিতামণি কুম্বাঙৰ লগতে বহুকেইজন বিষয়া কৰ্মচাৰীয়ে আজি নগৰখনৰ গাৰ্লছ ৰোড, এন টি ৰোড আদিত পাৱাৰলুমৰ বস্ত্ৰ ব্যৱসায় কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত গৈ অভিযান চলোৱাত একাংশ ব্যৱসায়ীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি পলায়ন কৰে৷ অৱশ্যে একাংশ ব্যৱসায়ীৰ পৰা অভিযানকাৰী দলটোৱে এনে পাৱাৰলুমৰ বস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়৷ আজি দলটোৱে বিশেষকৈ বোৱাৰী, পাটমাদৈ, কল্পতৰু, বৰদৈচিলা, মা, ৰাংঢালী, আৰ চৌধুৰীকে ধৰি বিভিন্ন চিল্ক হাউচত অভিযান চলাই বহু পৰিমানৰ বস্ত্ৰ জব্দ কৰে৷ এনে পৰিস্থিতিত নগৰখনৰ ভৰালী ক্লথ ষ্টৰ, চেতিয়া ক্লথ ষ্টৰকে আদি কৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে উক্ত অভিযানৰ সন্মুখীন হোৱাৰ ভয়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি পলায়ন কৰে৷ উল্লেখ্য যে যোৱা প্ৰায় এসপ্তাহে জিলাখনৰ এইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে নিম্ন মানৰ পাৱাৰলুমৰ কাপোৰ কম দামত বিক্ৰী কৰাৰ নামত লখিমপুৰীয়া গ্ৰাহক ৰাইজক ৰামটাঙোন সোধাই আহিছিল যদিও যোৱা দিনকেইটাত কিন্তু এনে অভিযান চলাবলৈ জিলা হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ গা লৰা পৰিলক্ষিত হোৱা নাছিল৷ এইক্ষেত্ৰত লখিমপুৰৰ সাংবাদিকৰ এটা দলে আজি বিভাগীয় কতৃৰ্পক্ষক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁলোকে দণ্ডাধীশৰ সহযোগিতা লাভ নকৰা বাবেহে যোৱা কেইদিনত নগৰখনত এনে পাৱাৰলুমৰ বস্ত্ৰ ব্যৱসায়ীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল বুলি দায়সৰা মন্তব্য প্ৰকাশ কৰে৷ ইফালে বিহুৰ বতৰত কম মূল্যত এযোৰ সুন্দৰ কাপোৰ কিনাৰ আশাৰে আজি লখিমপুৰ নগৰলৈ বুলি জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ আগমন ঘটিছিল যদিও আজি অবাঞ্চিত বিভাগীয় অভিযানে এইসকলৰ মহিলাৰ আশাৰ চেঁচাপানী ঢলাহে পৰিলক্ষিত হয়৷

মন্তব্য দিয়ক

Your email address will not be published.