লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম

হাতীলোং ফুটবল কচিং চেন্টাৰৰ প্ৰশংসনীয় পদক্ষেপ

0 146

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) সহযোগত ২৬ এপ্ৰিলৰ পৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত lead Instructor আৰু Assistant Instructor হিচাপে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ পৰা উপস্থিত আছে মণিপুৰৰ কমলাকান্ত সিং আৰু দৈমালু বসুমতাৰী। অসমৰ বিভিন্ন প্ৰান্তৰ ২৪জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই পাঠ্যক্ৰমৰ আজি সামৰণি পৰে। লখিমপুৰ জিলাত ফুটবল উত্তৰণৰ বাবে যোৱা চৈধ্যটা বছৰে ফুটবল প্ৰশিক্ষণ, দল গঠন, সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ফুটবল ৰেফাৰী সৃষ্টি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হাতীলোং ফুটবল কচিং চেন্টাৰে অৰ্হতাপূৰ্ণ ফুটবল প্ৰশিক্ষক সৃষ্টিৰ বাবে লোৱা এই পদক্ষেপক লখিমপুৰ জিলা ক্ৰীড়া অনুৰাগী সকলে শলাগ লৈছে। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চেতীয়াৰ লগতে মহাবিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ পূৰ্ণ সহযোগিতা আৰু জিলা ক্ৰীড়া সন্থাৰ ‌সভাপতি বিধায়ক মানৱ ডেকা আৰু ভৱ গগৈয়ে বিশেষ ভাৱে উৎসাহিত কৰাৰ বাবে এনেকুৱা পাঠ্যক্ৰম লখিমপুৰত অনুষ্ঠিতকৰণ সম্ভৱ হৈছে বুলি হাতীলোং ফুটবল কচিং চেন্টাৰৰ সম্পাদক দিপাংকৰ তামুলী ফুকনে জানিবলৈ দিছে।।

মন্তব্য দিয়ক

Your email address will not be published.