লখিমপুৰত বাইকৰ খুন্দাত চাইকেল আৰোহী নিহত

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২৭ জুলাইঃ আজি বিয়লি প্ৰায় ২.৩০ বজাত লখিমপুৰ নগৰৰ পাশ্বৰ্ৱতী কৈয়লামাৰী দুৰ্গা মন্দিৰৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত নিৰ্মল চুৰিণ [৪০] নামৰ এজন লোকৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি জহিং আৰক্ষীচকীৰ অন্তৰ্গত কৈয়লামাৰীৰ দুৰ্গা মন্দিৰৰ সমীপত নিৰ্মল চুৰিণ নামৰ চাইকেল আৰোহীজনক এজন বাইক আৰোহীয়ে প্ৰচন্দ জোৰত খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজন বহু দূৰত চিটিকি পৰে আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ নিৰ্মল চুৰিণ নামৰ শ্ৰমিকজনে বাগানত কাম কৰি ঘৰমুৱা হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰিছে৷ নিহত চুৰিণৰ ঘৰ কৈয়লামাৰীৰে ১৪ নং লাইনত৷

মন্তব্য দিয়ক

Your email address will not be published.