লখিমপুৰত বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ সজাগতা সভা

0 0

শতাব্দ প্রতিনিধি,লখিমপুৰ,৫মাৰ্চঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ আৰু কনকলতা গ্ৰাম্য সংগঠনৰ সহযোগত লখিমপুৰ জিলাৰ চিয়াজুলি কনকলতা গ্ৰাম্য সংগঠনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱীণ কুমাৰে।সভাত উপস্থিত থাকি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়াই “মহিলা সৱলীকৰণ” সম্পৰ্কে ভাষণ প্ৰদান কৰে।তেওঁ বাল্য বিবাহ কিয় বন্ধ হ’ব লাগে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়াই। ইয়াৰ পিছতে মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ সমন্বয়ক প্ৰাঙ্গনা বৰাই “বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ”ৰ ক্ষেত্ৰত ৰাইজে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিব তাৰ ওপৰত ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও উক্ত সজাগতামূলক সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি চিৰাজুলি গাওঁ পঞ্চায়তৰ সভানেত্ৰী পুস্পমায়া গুৰুং,জীৱিকা সখী মৌচুমী শইকীয়া গগৈ,কনকলতা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মিনাৰাণী বসুমতাৰী,বুক কীপাৰ বেদমায়া চেত্ৰী,সমাজ সেৱক অনন্ত গৌতমে অৰ্ধশতাধিক উপস্থিত ৰাইজৰ আগত বাল্য বিবাহৰ ভয়াবহতা, মহিলা সৱলীকৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কৰণীয় আৰু চৰকাৰে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে ভাষণ প্ৰদান কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.