লখিমপুৰত বিদ্যুৎ নাইঃ  গছ কাটি এজনে ভৰিলে এক লাখ আশী হেজাৰ টকা

গ্ৰাহকৰ হাহাকাৰ ; বিদ্যুৎ তাঁৰত গছ পৰি বিদ্যুৎ লাইন বিধস্ত

0 531
শতাব্দ প্ৰতিনিধি, লক্ষীমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ নগৰখনত আজি সমগ্ৰ দিনটোৰ লগতে নিশা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত নগৰখনৰ লগতে চৌপাশৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা ৯ বজাৰ পৰা লখিমপুৰত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ মূলতে হৈছে এজন লোকে গছকটি থাকোতে সেই গছ বিদ্যুৎ পৰিবাহী তাঁৰত পৰি চাৰিটাকৈ খুটা ভাগি যোৱাৰ লগতে বহু দূৰলৈ বিদ্যুৎ লাইন বিধ্বস্ত হৈ পৰে। যাৰ ফলত নলকটাৰ উক্ত লোক জনৰ বিৰুদ্ধে অসম শক্তি বিতৰক কোম্পানী লিমিটেডে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যুৎ বিভাগৰ অনুমতি নোলোৱাকৈ গছ কাটি তাঁৰত পেলাই বিদ্যুৎ সংযোগ ব্যাহত কৰাৰ অপৰাধত আজি লখিমপুৰৰ এপি ডি চি এল এ উক্ত লোকজনক এক লাখ আশী হাজাৰ টকাৰ জৰিমনা ভৰায়। আজি উক্ত লোকজনে এনে বৃহৎ পৰিমাণৰ জৰিমনা বিদ্যুৎ বিভাগক জমা দিব লগা হয়। ইফালে বিদ্যুৎ বিভাগে লখিমপুৰ আৰু বালিজান ফিডাৰৰ বিদ্যুৎ সেৱা কৰ্তন কৰি বিধ্বস্ত লাইনটো মেৰামতিৰ ব্যৱস্থা কৰে যদিও নিশা ৭ বজা পৰ্যন্ত বিদ্যুৎ উপভোক্তাই বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই । আজি নগৰখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ ফলত বিভিন্ন ক্ষুদ্ৰ উদ্যোগ ,ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বিস্তৰ লোকচানৰ  সন্মুখীন হোৱাৰ লগতে গ্ৰাহক, ছাত্ৰ ছাত্ৰী আদি অসুবিধাৰ সন্মূখীন হয় ।
মন্তব্য দিয়ক

Your email address will not be published.