লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ
স্থানীয় লোকৰ বিৰোধিতাঃ উপায়ুক্তক অভিযোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ লখিমপুৰ পৌৰসভাই জাপিসজীয়াৰ দেবেৰা-মিৰিটুপত জেচিবি লগাই বন বিভাগৰ বনাঞ্চলৰ কেইবাবিঘা মাটিত পুৰঠ হোৱা বৃহৎ বৃহৎ আকাৰৰ গছ গছনি কাটি সেই স্থানত পৌৰসভাই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাক লৈ আজি মিৰিটুপত স্থানীয় ৰাইজে প্ৰতিবাদ জনায়৷ উল্লিখিত ভূমিত লখিমপুৰ বন বিভাগে বহুদিনৰ পূৰ্বে নাচাৰ্ৰী স্থাপন কৰাৰ পিছত বৰ্তমান সময়ছোৱাত উক্ত নাৰ্চাৰীত বৃহৎ বৃহৎ আকাৰৰ গমাৰী, চেগুন, শলখ, ৰঘু আদি পুৰঠ হৈছিল যদিও উক্ত গছ গছনিসমূহ কাটি তহিলং কৰি পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ এই সন্দৰ্ভত বন বিভাগৰ পৰা জানিবপৰা মতে চৰকাৰী ভূমিত স্থাপন কৰা উক্ত বনভূমিৰ গছ গছনি কটাৰ ক্ষেত্ৰত প্ৰশাসনে বন বিভাগৰ অনুমতি লয়৷ কিন্তু ইয়াৰ বিপৰীতে স্থানীয় ৰাইজে বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ত কেনেদৰে বৃহৎ বৃহৎ গছ কেৱল ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে কাটি তহিলং কৰিছ, তাকে লৈ ব্যাপক প্ৰতিবাদ- প্ৰতিক্ৰিয়া কৰিছে৷ আজি ৰাইজে ইয়াৰ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে যদিও প্ৰশাসনৰ ফালৰ পৰা এই পৰ্যন্ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জানিব পৰা হোৱা নাই৷ আজি এই সন্দৰ্ভত স্থানীয় ৰাইজে লখিমপুৰ জিলাৰ উপায়ুক্তক ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বিৰোধিতা কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু উক্ত ডাম্পিং গ্ৰাউণ্ড অন্য স্থানলৈ স্থানান্তৰৰ দাবী তুলিছে৷