লখিমপুৰত বৰ্ণাঢ্য ৰূপত গণৰাজ্য দিৱস পালন

চুলিৰে গাড়ী টানি ৰাইজৰ দৃষ্টি আকর্ষণ জোৱান ৰত্নেশ্বৰ নেওগৰ

0 17

শতাব্দ, লখিমপুৰ,  ২৭ জানুৱাৰীঃ  সমগ্ৰ   দেশৰ  লগতে লখিমপুৰ  জিলাতো  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  দেশৰ  ৭৭  সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।  জিলা প্ৰশাসনৰ  উদ্যোগত  উত্তৰ লখিমপুৰ  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়  খেল পথাৰত  আয়োজিত  গণৰাজ্য  দিৱসৰ  কাৰ্যসূচীত  ৰাষ্ট্ৰীয়  পতাকা  আনুষ্ঠানিক  ভাৱে উত্তোলন  কৰে শক্তি  বিভাগৰ  কেবিনেট  মন্ত্ৰী  প্ৰশান্ত  ফুকনে  । বালিকা  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয়  সংগীত  পৰিৱেশনৰ  পিছতে  আৰক্ষী  অৰ্ধসামৰিক  বাহিনী, এন, চি,চি, স্কাউট, গাইড, বিভিন্ন  শিক্ষানুষ্ঠানৰ  ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন  কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতে  সংবিধান প্ৰণেতা  ড°  বি আৰ  আম্বেদকাৰ , জাতিৰ পিতা মহাত্মা গান্ধী, সংবিধান  সভাৰ  অধ্যক্ষ ড°  ৰাজেন্দ্ৰ  প্ৰসাদ,  গোপীনাথ  বৰদলৈকে আদি   স্বাধীনতা  সেনানী  আৰু অমৰ শ্বহীদসকললৈ গভীৰ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে।  মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব  শৰ্মাই  অসমক  দেশৰ  এক উন্নত ৰাজ্য হিচাপে গঢ়ি  তোলাৰ  দিশত চলোৱা নিৰন্তৰ  প্ৰয়াসৰ  বাবে আজি ৰাজ্য খনে বিকাশৰ দিশত অগ্ৰগতি  লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে ।  এই  পবিত্ৰ  আনন্দময়  মুহূৰ্তত  ৰাজ্য চৰকাৰে  লাভ কৰা সফলতা আৰু ৰাজ্য খনৰ দ্ৰুতগতিত  আগুৱাই নিয়া  আৰু লখিমপুৰ  জিলাৰ  বিভিন্ন  বিভাগে  জিলাখনলৈ  আগবঢ়োৱা  উন্নয়নৰ খতিয়ানো মন্ত্ৰীজনে  দাঙি  ধৰে  ।  সামগ্ৰিক  ভাৱে  অনুষ্ঠানটো  আঁত  ধৰে  নৰ্থ লখিমপুৰ  বিশ্ববিদ্যালয়ৰ  অধ্যাপক ড° বৰ্ণালী  বৰা, চি ডি পি অ’ মনজিত  শৰ্মাই , গণৰাজ্য  দিৱসৰ  এই কাৰ্যসূচীত  দেশ মাতৃৰ  বন্দনাৰে  সমৃদ্ধ  এক বৰ্ণিল সাংস্কৃতিক  অনুষ্ঠানো পৰিৱেশন  কৰা হয়  । অনুষ্ঠানটোত  ‘বন্দে মাতৰম’  গীতৰ  আধাৰত নৃত্য  পৰিৱেশন  কৰে সংগীত  কানন বিদ্যালয়ে, ভাস্কৰ  সংস্কাৰ  কেন্দ্ৰৰ দ্বাৰা  পৰিবেশন কৰা হয়  মাচিং  ফাৰ্মেচন, লখিমপুৰ  সংগীত  মহাবিদ্যালয়ে  ড° ভূপেন  হাজৰিকাৰ  গীতৰ ওপৰত  সৃষ্টিশীল  নৃত্য  পৰিৱেশন  কৰে , দিৱসৰ কাৰ্যসূচীত  উত্তৰ  লখিমপুৰ  পৌৰসভাই  চুটি  নাটক পৰিৱেশন কৰাৰ লগতে  বাৰেৰহনীয়া নৃত্য  পৰিৱেশন  কৰে  উত্তৰ  লখিমপুৰ  বালিকা উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ ছাত্ৰীয়ে । দিৱসৰ কাৰ্যসূচীত  চুলিৰে গাড়ী টানি ৰাইজৰ দৃষ্টি আকর্ষণ কৰে জোৱান ৰত্নেশ্বৰ নেওগে । স্বাস্থ্য  বিভাগ, পৰিবহন বিভাগ, কৃষি বিভাগ,  ৰেচম  বিভাগ,  জনস্বাস্থ্য  বিভাগ,  জিলা  দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ  বিভাগ,  উত্তৰ  লখিমপুৰ  পৌৰসভা আৰু জিলা  নিৰ্বাচন  বিভাগ  সমূহে  প্ৰতীকপট  পৰিৱেশন  কৰে । আনহাতে এই কাৰ্যসূচীত  পেৰেডত অংশগ্ৰহণকাৰী দলৰ শ্ৰেষ্ঠতা  নিৰূপণ  কৰি পুৰস্কৃত  কৰা হয়  । সেই  অনুসৰি ডি ই এফ এ  প্ৰথম  স্হান, ১৩ নং এ পি বি এন দলে দ্বিতীয় স্হান লাভ  কৰে । একেদৰে বিদ্যালয়সমূহৰ  পৰা নৰ্থ লখিমপুৰ  বিশ্ববিদ্যালয় দলে প্ৰথম,  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ে  দ্বিতীয় আৰু সৰ্বেশ্বৰ  বৰুৱা   হিন্দী  বিদ্যালয়ে তৃতীয়  স্হান লাভ কৰে । জিলাখনৰ  স্বচ্ছতাৰ  ওপৰত  ভিত্তি কৰি উত্তৰ  লখিমপুৰ  পৌৰসভাক সম্বৰ্ধনা  জনোৱা হয়  । দেশৰ  ৭৭ সংখ্যক  গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি  কেন্দ্ৰীয়  চৰকাৰে  আগবঢ়োৱা  পদ্মশ্ৰী  সন্মান  বিশিষ্ট  সত্রীয়া  শিল্পী  হৰিচৰণ শইকীয়াক  লখিমপুৰ  জিলা আয়ুক্ত, জ্যেষ্ঠ  আৰক্ষী অধীক্ষক,  বিহপুৰীয়া ৰাজহ চক্ৰ  বিষয়াই তেওঁৰ বাসগৃহত উপস্থিত  হৈ সম্বৰ্ধনা  জনায় । আনহাতে  মন্ত্ৰী গৰাকীয়ে  লখিমপুৰ  চিকিৎসা মহাবিদ্যালয়ৰ  ৰোগী আৰু কাৰাগাৰৰ বন্দীসকলৰ মাজত  ফলমূল বিতৰণ  কৰে। বিয়লি  উত্তৰ লখিমপুৰ  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়  খেলপথাৰত  লখিমপুৰ  জিলা আয়ুক্ত  কাৰ্যালয়ৰ  বনাম জিলা  ক্রীড়া সংস্থা  মাজত প্ৰতিযোগিতামূলক  ক্রিকেট খেল অনুষ্ঠিত  হয়  আৰু বিজয়ী জিলা ক্রীড়া সংস্থাক বিশেষ  বঁটাৰে  পুৰস্কৃত  কৰা হয় । সন্ধিয়া  ৫ বজাত চৰকাৰী  কাৰ্যালয়ত, প্ৰতিষ্ঠানত  আলোকসজ্জাৰে  উজ্জ্বীৱিত  কৰা হয় বুলি জিলাৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া প্ৰাচুৰ্য প্ৰতিম নেওগে জানিবলৈ দিয়ে |

মন্তব্য দিয়ক

Your email address will not be published.