উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই আৰু ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ তথা বিশ্ববিদ্যালয় শিক্ষণ মণ্ডল গোটৰ সভাপতি ড° হৰিপ্ৰসাদ শৰ্মাৰ লগতে ভাৰতীয় শিক্ষণ মণ্ডল ,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰয়। ভাৰতীয় শিক্ষণ মণ্ডলৰ লক্ষ্য তথা উদ্দেশ্য সম্পৰ্কে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰীকৰণত লোৱা শিক্ষণ মণ্ডলৰ ইতিবাচক ভূমিকা সম্পৰ্কে অধ্যাপক শৰ্মাই বিতংভাৱে আলোকপাত কৰে। আনহাতে ড° নীলমোহন ৰয়ে ভাৰতীয় শিক্ষণ মণ্ডলৰ গৌৰৱময় ইতিহাস, সংগঠনটোৰ সাতটা গতিবিধি তথা পাঁচটা কাৰ্যবিধিৰ জৰিয়তে সম্পন্ন কৰি অহা শিক্ষণ মণ্ডলৰ কামকাজৰ এটি নাতিদীৰ্ঘ খতিয়ান দাঙি ধৰে। শেষত সভাই লখিমপুৰত শিক্ষণ মণ্ডলৰ এটি গোট গঠনৰ পোষকতা কৰে। সভাতে ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা অধ্যক্ষ ড° লোহিত হাজৰিকা, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই আৰু এল টি কে কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দেৱজিৎ দত্তক শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অৰিহণাৰ বাবে শিক্ষণ মণ্ডলৰ দ্বাৰা প্ৰকাশিত এলানি গ্ৰন্থৰ টোপোলাৰ লগতে এখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়।
সভাত বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহীধৰ পূজাৰী, উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰী সমন্বিতে ভালেমান শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা বিদ্বৎমণ্ডলী উপস্থিত থাকে। সভাত অধ্যক্ষ ড° লোহিত হাজৰিকাক সভাপতি আৰু ড° দেৱজিৎ দত্তক সম্পাদকৰূপে লৈ ভাৰতীয় শিক্ষণ মণ্ডলৰ ‘লখিমপুৰ গোট’ গঠন কৰা হয়। অসমীয়া বিভাগৰ অধ্যাপিকা ড° বিভা দত্তই আঁতধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়ে । শান্তি মন্ত্ৰৰে সভাখনৰ সমাপ্তি ঘোষণা কৰে অধ্যক্ষ লোহিত হাজৰিকাই ।
