লখিমপুৰত মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনাঃ গ্ৰেপ্তাৰ- ৩ 

0 29

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত যোৱা ১১ অক্টোবৰৰ সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাৰ লগত জড়িত দুবৃৰ্ত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনি দুবৃৰ্ত্তৰ ঘৰ হৈছে লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বেহেৰাবস্তি আৰু জালোৱা বস্তিৰ৷ উল্লেখ্য যে চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ৩০ বছৰীয়া বিবাহিত মহিলাক সেইদিনা তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ বলাৎকাৰ কৰি মুমূৰ্ষু অৱস্থাত সন্ধিয়া এখন কদম গছৰ বাগানৰ তলত পেলাই থৈ গৈছিল৷ আৰক্ষীয়ে ঘটনাৰ বিষয়ে সম্ভেদ লাভ কৰি সেই নিশাই মহিলাগৰাকীক উদ্ধাৰ কৰি লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰিছিল৷ মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰখাৰ পিছত সোমবাৰে নিশা তিনি দুবৃৰ্ত্তক আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰাৰ লগতে বলাৎকাৰৰ সময়ত ব্যৱহৃত গড়ীখনো জব্দ কৰিবলৈ সক্ষম হয়৷ উত্তৰ লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে কিমিনৰ সমীপৱৰ্তী ডিজুত লুকাই থকা অৱস্থাত লীলাবাৰী আৰক্ষীচকীৰ অন্তৰ্গত জালোৱাবস্তিৰ মোতালেব আলি [৩৪], ৰাজীৱ আলি[৩১] ক গ্ৰেপ্তাৰ কৰাৰ লগতে ইয়াৰ পূৰ্বে বেহেৰাবস্তিৰ নাছিৰ আলি [২৫]ক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে এই সন্দৰ্ভত আটাইকেইজনকে আদালতৰ পৰা অনুমতি লৈ অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.