লখিমপুৰত মহিলা সহ ৪ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

0 0
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ পাছতো জিলা খনৰ বিভিন্ন স্থানত এতিয়াও সক্ৰীয় হৈ আছে ড্ৰাগছৰ ব্যৱসায়। লখিমপুৰত আজিও আৰক্ষীৰ জালত পৰিছে  কেইবাটাও  ড্ৰাগছ সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ চুতিয়াকাৰিত আজি আৰক্ষীয়ে কৰায়ত্ত কৰিলে ড্ৰাগছসহ  তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী। প্ৰাপ্ত তথ্য অনুসৰি  ডিজুৰ পৰা এখন এল্ট’গাড়ী ৰে বিক্ৰী কৰিবলৈ আনিছিল প্ৰায় ১১.০৩ গ্ৰাম সন্দেহযুক্ত হিৰইন৷ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লখিমপুৰ ডিজুৰ ইচামুদ্দিন, ফইজুল ইছলাম আৰু ৰংপুৰীয়া শনি পুখুৰী মুবাৰক আলিৰ লগতে এগৰাকী মহিলাক আৰক্ষীয়ে  আটক কৰে। আটকাধীন কেইজনৰ পৰা আৰক্ষীয়ে প্ৰায় ১১.০৩ গ্ৰাম সন্দেহযুক্ত হিৰইন, চাৰিটা মোবাইল ফোন, AS07 U 2721 নম্বৰৰ এল্ট গাড়ী লগতে কেইবা হাজাৰ টকা জব্দ কৰে৷ অধিক তথ্যৰ বাবে জেৰা অব্যাহত আছে।
মন্তব্য দিয়ক

Your email address will not be published.