লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মে’:
প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে’লৈকে উত্তৰ লখিমপুৰত মুঠ ৩৭৯.২ মিলি মিটাৰ বৰষুণ হয়। ইয়াৰে ১২-১৯ মে’লৈকে ৮ টা দিনত ৩৬৯.৪ মিলি মিটাৰ বৰষুণ হয়। এয়া নিশ্চিতভাবেই অত্যধিক।উল্লেখ্য যে মে মাহটোত লখিমপুৰত স্বাভাৱিক পৰিমাণৰ বৰষুণ হয় ৩৯৯ মিলি মিটাৰ। কিন্তু মাহটো শেষ হবলৈ ১২ দিন বাকী থকা অৱস্থাত ১৯ টা দিনত মুঠ ৩৭৯.২ মিলি মিটাৰ আৰু শেষৰ ৮ টা দিনত ৩৬৯.৪ মিলি মিটাৰ বৰষুণ হোৱাটো “নিশ্চিতভাবেই অত্যধিক” বুলি সদৰী কৰিছে কেন্দ্ৰটোৱে।

মন্তব্য দিয়ক

Your email address will not be published.