লখিমপুৰত শিক্ষা- ধৰ্মীয় অনুষ্ঠানৰ কাষতে সুৰাৰ বাৰ

আবকাৰী আইন উলংঘাঃ তদন্তৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

0 130
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ লখিমপুৰ জিলাত চৰকাৰী অনুজ্ঞাপত্ৰ লৈ বিভিন্ন অঞ্চলত ব্যৱসায় চলাই থকা সুৰাৰ বাৰসমূহৰ স্বতাধিকাৰীসকলে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। সম্প্রতি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ, ধর্মীয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ নিচেই কাষতে একাংশ লোকে সুৰাৰ বাৰ খুলি ৰমৰমীয়া ব্যৱসায় চলাই আছে যদিও ইয়াক লৈ কাণসাৰ নাই জিলা আবকাৰী বিভাগৰ। একেদৰে এখন সুৰাৰ বাৰ মুকলি কৰিবৰ বাবে ৫০ ফুট বহল আৰু ৬০ ফুট দীঘল পৰিসৰৰ এটা গৃহৰ লগতে গৃহটোৰ ভিতৰতে শৌচাগাৰ-প্ৰস্তাৱাগাৰ, পাকঘৰ, চি চি কেমেৰা তথা অগ্নিনির্বাপক সামগ্রী থাকিব লাগে। পিচে জিলা আবকাৰী বিষয়া-কৰ্মীৰ লগত মাহেকীয়া চুক্তিভিত্তিত কমিছন আদায় দি বর্তমান জিলাখনৰ অধিকাংশ ৱাইন বাৰৰ স্বত্বাধিকাৰীয়ে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰি ব্যৱসায় কৰি থকা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে জিলাখনৰ নাওবৈচা ৰাজহ চক্ৰৰ দ’লহাট তিনিআলিস্থিত ৱাইন বাৰখনৰ কথাই উল্লেখ কৰিব পাৰি। এই ৱাইন বাৰখনৰ স্বত্বাধিকাৰী মলয়া শ‍ইকীয়াই এখন ৱাইন বাৰ চলাবলৈ যাওঁতে মানি চলিবলগা সকলো চৰকাৰী নীতি-নির্দেশনাই উলংঘা কৰি আহিছে। প্ৰকৃতাৰ্থত জিলাখনৰ সুৰাৰ বাৰসমূহৰ স্বত্বাধিকাৰসকলে চৰকাৰী নীতি-নিৰ্দেশনা মানি ব্যৱসায় কৰিছেনে সেই সন্দৰ্ভত জিলাখনত দণ্ডাধীশ পৰ্যায়ৰ অভিযান আৰু তদন্ত চলোৱাৰ দাবীত আজি সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.