লখিমপুৰত সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে কঁপালে শিক্ষা বিষয়াৰ কাৰ্যালয়

পাৰিতোষিক আদায়ৰ দাবী

0 44

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰত আজি সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীৰে শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত পুৱা ১০ বজাত ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা বৃহৎ সমদলে হাতে হাতে প্লে-কাৰ্ড লৈ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হয়৷ ৰন্ধন কৰ্মীসকলে পাবলৈ থকা পাৰিতোষিক প্ৰদানৰ দাবী জনোৱাৰ লগতে অসম চৰকাৰে অক্ষয় পাত্ৰ ফাউণ্ডেচনক মধ্যাহ্ন ভোজনৰ প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ বিছৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ ৰন্ধনকৰ্মীসকলে অভিযোগ কৰে যে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰয়োজনীয় শিক্ষক নিয়োগকে ধৰি আন্তঃগাঁথনিৰ দুৰ্বলতা আঁতৰ নকৰি শিক্ষাৰ্থীৰ অভাৱৰ অজুহাতত বিদ্যালয় একত্ৰীকৰণে দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি কৰাৰ লগতে ৰন্ধন কৰ্মীসকলক কৰ্মচ্যুৎ কৰিছে৷ ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ মায়াৱতী পায়েং আৰু জয়নবা খাতুনৰ নেতৃত্বত উলিওৱা আজিৰ এই প্ৰতিবাদী সমদলে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকৰ অনাদায় হৈ থকা মাহিলি বেতন শীঘ্ৰে আদায়ৰ দাবী জনায়৷ তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ বন্ধ কৰা, ৰন্ধনকৰ্মীক কৰ্মচ্যুৎ কৰা নীতি বাতিল কৰাৰ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.