উত্তৰ লখিমপুৰ, ১৫ আগষ্টঃ লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত শিক্ষা খণ্ডৰ বিভিন্ন সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰৱণ সমস্যা থকা এঘাৰজন দিব্যাঙ্গ শিশুৰ এটি দলে আজি দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসত ভাৰতীয় সাংকেতিক ভাষা (Indian sign language)ত ৰাষ্ট্ৰীয় সঙ্গীতটি পৰিৱেশন কৰে। ৭০৬নং গোৱৰিশালী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হলদাৰে প্ৰশিক্ষণ প্ৰদান কৰা দলটিয়ে আজি পুৱা ৭:৩০বজাত লখিমপুৰ শিক্ষাখণ্ডৰ পতাকা উত্তোলনস্থলীত, ৯বজাত আজাদস্হিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিস্থানত আৰু সন্ধ্যা ৭বজাত ৰহঢলাৰ এক সাংস্কৃতিক অনুস্থানত ৰাষ্ট্ৰীয় সংঙ্গীত পৰিৱেশন কৰে।দলটিৰ পৰিৱেশনত উপস্থিত সকলোৱ আপ্লুত হোৱাৰ লগতে এনে উদ্যোগ লোৱাৰ বাবে সমল ব্যক্তিসকলৰ শলাগ লয়।