লখিমপুৰত ১০ লক্ষ টকাৰ অৰুণাচলী সুৰা জব্দ

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮জানুৱাৰীঃ লখিমপুৰৰ জিলাৰ পথালি পাহাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বান্দৰদেৱা আৰক্ষীয়ে ২৫০কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰে। জানিব পৰা মতে প্ৰায় ১০লাখ টকা মূল্যৰ এই অবৈধ অৰুণাচলী সুৰা সমূহ বান্দৰদেৱাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নি থকা হৈছিল। বান্দৰদেৱাৰ কোনো সুৰা মাফিয়াৰ পৰা এই বৃহৎ পৰিমানৰ সুৰা সমূহ অন্ধ্ৰপ্ৰদেশৰ এখন ট্ৰাকত অন্ধ্ৰপ্ৰদেশলৈ সৰবৰাহ কৰা হৈছিল।পিছত বান্দৰদেৱাৰ আৰক্ষীয়ে গোপন সূত্ৰে পোৱা খবৰ ভিত্তিত আজি পুৱা লখিমপুৰৰ পথালি পাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত চলোৱা অভিযানত সুৰা সহ ট্ৰাকখন জব্দ কৰে।আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ অশোক ৰেডী আৰু অৰুণাচলৰ চিনু ইয়াং নামৰ দুজনক ইতিমধ্যে আটক কৰিছে।ট্ৰাকখনৰ চালকে সদৰী কৰা অনুসৰি অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ট্ৰাকখনে যোৱা নিশা লখিমপুৰলৈ মাছ কঢ়িয়াই আনিছিল আৰু আজি পুৱা ঘুৰি যোৱাৰ সময়ত অৰুণাচলৰ পৰা বৃহৎ পৰিমানৰ অবৈধ সুৰা অন্ধ্ৰপ্ৰদেশলৈ বুলি কঢ়িয়াই নিয়াৰ সময়তে বান্দৰ দেৱাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।অভিযোগ অনুসৰি অৰুণাচলৰ বান্দৰদেৱাৰ পৰা কেইজন মান সুৰা মাফিয়াই দীৰ্ঘদিনৰ পৰা ৰাজৰ বিভিন্ন প্ৰান্তলৈ অবৈধ সুৰা সৰবৰাহ কৰি অহা বুলি জনা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.