শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত আগন্তুক দূৰ্গোৎসৱ শান্তিপূৰ্ণ ভাৱে উদযাপনৰ লক্ষ্যৰে লখিমপুৰ জিলা দণ্ডাধীশে একাদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা অধীনত সমগ্ৰ জিলাতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷ এই আইনৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে৷ সেই মৰ্মে ৰাজহুৱা স্থানত প্তজন বা তাতোধিক লোকৰ সমাৱেশৰ ওপৰত নিশেধাজ্ঞা আৰোপ কৰিছে৷ তদুপৰি জিলা দণ্ডাধীশৰ বিনা অনুমতিত চৰকাৰী কাৰ্যালয় সন্মুখত শোভাযাত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ধৰ্মঘট, ধৰ্ণা, দান-বৰঙনি তোলা আদি কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে৷ লগতে যিকোনো ধৰণৰ অগ্নিয়াস্ত্ৰ ব্যক্তি বা সংগঠনে কঢ়িয়াই নিয়াৰ ওপৰোত নিশেধাজ্ঞা জাৰি কৰিছে৷ গৰাকীবিহীন যিকোনো বেগ, পৰিত্যক্ত অৱস্থাৰ দৃষ্টিগোচৰ হলে তৎকালীন ভাৱে আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে৷
