লখিমপুৰত ৩৭৬ জন টেট শিক্ষক নিযুক্তিত বিসংগতি

ঠিকাভিত্তিক শিক্ষকৰ সংৰক্ষিত পদত টেট শিক্ষকক নিযুক্তি : ৩০৬ জন ঠিকাভিত্তিক শিক্ষক বিভ্রান্তিত

0 27
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ৩ জুনঃ চলিত সপ্তাহত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলাতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰে। এই শিক্ষকসকলক নিযুক্তিৰ দিয়াৰ নামত লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া ৩০৬জন কৈ ঠিকাভিত্তিক নিযুক্ত শিক্ষক বিভ্রান্তিত পৰিব লগা হৈছে। একেটা পদত একাধিক শিক্ষকক নিযুক্তি দিয়াৰ ফলত একাংশ ঠিকাভিত্তিক শিক্ষকৰ মাজত বিভ্রান্তি সৃষ্টি হৈছে। উল্লেখ্য যে চলিত সপ্তাহত লখিমপুৰতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰাৰ পিছত এই শিক্ষকসকলক লখিমপুৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে কাউঞ্চেলিঙৰ জৰিয়তে বিভিন্ন বিদ্যালয়ত নিযুক্তি দিয়ে। ইফালে একাংশ বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকে পূৰ্বৰে পৰা কাৰ্যনিৰ্বাহ কৰি অহাৰ পিছতো তেনে বিদ্যালয়ত পুনৰ একেটা পদতে বহু টেট্ শিক্ষকক নিযুক্তি দিয়াৰ ফলত লখিমপুৰত শিক্ষক নিযুক্তিত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কার্যালয়ত ইচ্ছাকৃত ভাবে সঠিক খালী পদৰ তালিকা লুকুৱাই ইয়াৰ পৰিৱৰ্তে কম সংখ্যক পদ দেখুওৱাৰ ফলতে সম্প্রতি এনে বিসঙ্গতিৰ সৃষ্টি হৈছে। জিলাখনৰ ঢেকীয়াজুলি হাইস্কুল, সম্ভপুৰ চিচাপথাৰ হাইস্কুল, কাটৰি চাপৰি হাইস্কুল, ঢকুৱাখনা কলেজিয়েট হাইস্কুল, লখিমপুৰ কলেজিয়েট হাইস্কুল, যোগীসুঁতি হাইস্কুল আদি বিদ্যালয়সমূহত ঠিকাভিত্তিক শিক্ষকসকলৰ নামত সংৰক্ষিত পদসমূহত পুনৰ টেট্ শিক্ষকক নিযুক্তি প্ৰদান কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখনীয় কথা যে জিলাখনৰ বিভিন্ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ৩০৬ জন হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ নামত মাধ্যমিক শিক্ষা সঞ্চালকৰ স্বাক্ষৰিত (পত্র নং PC/SEC/125/2020/327) অনুসৰি সংৰক্ষিত কিছুসংখ্যক পদত এইদৰে নতুনকৈ টেট্ শিক্ষকক নিযুক্তি প্রদান কৰা হৈছে। যাৰবাবে এতিয়া এইসকল ঠিকাভিত্তিক শিক্ষকৰ মাজত চৰম অনিশ্চয়তাই দেখা দিছে।
মন্তব্য দিয়ক

Your email address will not be published.