লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা

১০০ ফুট দৈঘ্যৰ পতাকা লৈ বিধায়কৰ ত্ৰিৰংগা যাত্ৰা

0 186

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ পাৰত ৬৫ ফুট উচ্চতাত এই বিশাল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ প্ৰতিকূল বতৰকো নেওচি ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁ এই পতাকা উত্তোলন কৰাৰ লগতে নতুনকৈ সজাই পৰাই তোলা ৰহঢলা পুখুৰীক অমৃত সৰোবৰ নামেৰে নামাংকৃত কৰে৷ ইফালে আজি লখিমপুৰত বিজেপিয়ে ‘ত্ৰিৰংগা যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰি নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰে৷ বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদিয়ে নিজেই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত নেতৃত্ব দিয়াৰ লগতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰে৷ ভাৰতীয় জনতা যুৱ মৰ্চা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিয়লি ত্যাগক্ষেত্ৰৰ পৰা উত্তৰ লখিমপুৰ নগৰৰ বিভিন্ন পথেৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজিৰ এই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত যুৱ মৰ্চাই বিধায়কক সন্মুখত লৈ প্ৰায় ১০০ ফুট দৈঘ্যৰ ত্ৰিৰংগা পতাকা লৈ যাত্ৰা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.