লখিমপুৰত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন 

0 95

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২জানুৱাৰীঃ  ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে চিৰাজুলি চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় যুৱ দিৱস অনুষ্ঠিত কৰা হয়।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উত্তৰ লক্ষীমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া প্ৰৱিন কুমাৰ, কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈ, চিৰাজুলি পঞ্চায়তৰ সভানেত্ৰী পুস্পমায়া গুৰুং, চিৰাজুলি চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ যজ্ঞেশ্বৰ দত্ত, দীৰ্ঘা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষেশ্বৰ বৰা, সহকাৰী শিক্ষক দেৱীপ্ৰসাদ গৌতম, কনকেশ্বৰ দত্ত,বিশিষ্ট সমাজ সেৱক বিটুমণি শৰ্মা, নৰেন্দ্ৰ বৰাৰ লগতে নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়া, নৱজ্যোতি বৰা, বুলি ডেকা আৰু অঞ্চলটোৰ বহু সংখ্যক লোক। । সদৌ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উদ্দেশ্যি দেশবাসীক সম্বোধন কৰাৰ বক্তব্য সকলোৱে প্ৰজেক্টৰৰ জৰিয়তে উপভোগ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.