শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰৰ সহযোগত ১৭ ফেব্ৰুৱাৰীত শতাধিক কৃষকৰ অংশগ্ৰহণেৰে প্ৰাকৃতিক কৃষি বিষয়ক এখনি কৃষক সমাৰোহ অনুষ্ঠিত হয়৷ গৰুমুৰীয়াত থকা কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই কৃষক সমাৰোহখনি আজি শুভ উদ্বোধন কৰে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড॰ গুঞ্জন গগৈয়ে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ (উত্তৰ লখিমপুৰ]ৰ মুখ্য বিজ্ঞানী ড॰ প্ৰবাল শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা কৃষক সমাৰোহখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধায়ক মানৱ ডেকাই৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ দিপশিখা হাজৰিকাই আঁতধৰা কৃষক সমাৰোহখনিত ভাৰীতয় কৃষি গৱেষণা সংস্থাৰ বিজ্ঞানী ড॰ অনুজ কুমাৰ৷ শ্ৰী বাস্তৱ, বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয়ৰ ড॰ ভক্ত প্ৰসাদ গৌতম, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ মনোজ কুমাৰ চৌহানে মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে৷ কৃষি সখী, কৃষক উৎপাদন গোট আৰু সাধাৰণ কৃষকৰ মুঠ পাঁচ শতাধিক কৃষকে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখনিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড॰ প্ৰশান্ত কুমাৰ পাঠকে সভাৰ তাৎপৰ্য আৰু প্ৰাকৃতিক কৃষিৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখি প্ৰাকৃতিক কৃষিৰ জৰিয়তে কৃষকসকলক কৃষি ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত আৰু প্ৰাকৃতিক কৃষি বিষয়ৰ নাত্ৰিকা প্ৰদৰ্শনে শুভাৰম্ভ কৰা সভাত আমেৰিকাৰ প্ৰৱাসী অসমীয়া জুৰী গগৈয়ে প্ৰাকৃতিক কৃষিৰ সন্দৰ্ভত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰাকৃতিক কৃষিৰ জড়িয়তে কৃষকসকলক অনাগত দিনত কৃষি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আহ্বান জনায়৷ উল্লেখ যে আজি পুৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞান ড॰ প্ৰবাল শইকীয়াই৷ পুৱা ১০ বজাত কৃষকৰ দৰ্শনৰ বাবে গৱেষণা পথাৰ মুকলি আৰু কৃষি বিষয়ক প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰে ড॰ প্ৰশান্ত কুমাৰ পাঠকে৷ এই কাৰ্যসূচীৰ পিছতে দিনৰ ১১ বজাত কৃষক সমাৰোহ খনি শুভ উদ্বোধন কৰা হয়৷ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ড॰ প্ৰবাল শইকীয়াই৷ বিয়লি ২ বজাত কৃষক বিজ্ঞানী মত বিনিময় অনুষ্ঠান সম্পন্ন হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড॰ উমাৰাম তামুলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰ আদিৰ লগতে বহুতো লোক উপস্থিত থাকে৷ কৃষক সমাৰোহখনিত উত্তৰ অসমৰ ১৫ টা প্ৰতিষ্ঠানৰ লগতে ইককো কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে অংশ লয়৷ উক্ত সমাৰোহত কৃষক গোট, কৃষক আদিয়ে নিজৰ উৎপাদিত কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰে৷