লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম

0 47

 বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ আজি উক্ত খহনীয়াগ্ৰস্ত অঞ্চলটোত কেন্দ্ৰীয় জল আয়োগৰ দলৰ লগতে সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ জিলা উপায়ুক্ত উপস্থিত হৈ মথাউৰিটো পৰিদৰ্শন কৰি যিকোনো প্ৰকাৰে মথাউৰি ৰক্ষাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে বিগত এসপ্তাহ ধৰি ব্যাপক ৰূপত খহনীয়া অব্যাহত থকা ভীমপৰা মথাউৰিৰ ঘনচৰাই এলেকাত জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে মথাউৰি সুৰক্ষাৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে যদিও আজি পুৱাৰ ভাগত সোৱণশিৰি নদীয়ে কাল ৰূপ ধাৰণ কৰি ভীমপৰা মথাউৰিৰ নআলি ঘনচৰাইত মথাউৰিটোৰ এক বৃহৎ অংশ খহাই নিয়াত মথাউৰি চিগাৰ আশংকা নিশ্চিত হৈ পৰিছে৷ অৱশ্যে লখিমপুৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰ, এছ ডি অ, সহ অভিযন্তা সঞ্জীৱ গোহাঁইৰ উপস্থিতিত ঠিকাদাৰে যুদ্ধংদেহি তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ প্ৰচেষ্টা চলায় ৷ ইতিমধ্যে খহনীয়া অঞ্চলত জলসম্পদ বিভাগৰ উদ্যোগত মথাউৰি নিৰ্মাণৰ কাম তীব্ৰ গতিত অব্যাহত আছে যদিও স্থানীয় ৰাইজ আশ্বস্ত হ’ব পৰা নাই৷ জলসম্পদ বিভাগে ভগ্ন মথাউৰিটো যিকোনো প্ৰকাৰে ৰক্ষা কৰা হ’ব বুলি সদৰি কৰাৰ বিপৰীতে স্থানীয় ৰাইজে কয় যে বিভাগীয় হেমাহিৰ বাবেই আজি ঘনচৰাইত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰবাবে জলসম্পদ বিভাগে নতুন আঁচনিৰে খহনীয়া প্ৰতিৰোধৰ তৎপৰতা চলাইছে৷ উল্লেখ যে সম্প্ৰতি খহনীয়াই ভয়াৱহ ৰূপ লোৱা উল্লিখিত এলেকাত জলসম্পদ বিভাগে ১০ কোটি টকীয়া এক আঁচনি গ্ৰহণ কৰিছিল যদিও নদীৰ ঢলে সঘনাই আঁচনিখন ৰূপায়ণত ব্যাঘাত জন্মাই অহাত এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগে জানিবলৈ দিয়া মতে উক্ত ১০ কোটি টকীয়া আঁচনিৰ কাম কৰোঁতেই সোৱণশিৰিয়ে অঞ্চলটোত ভয়াৱহ ৰূপ ধাৰণ কৰে যাৰ বাবে আঁচনি ৰূপায়ণত বেমেজালিৰ সৃষ্টি হয়৷ সম্প্ৰতি উল্লিখিত এলেকাত জলসম্পদ বিভাগে আন এক আঁচনিৰে মথাউৰি সুৰক্ষাত নিয়োজিত হৈছে৷ তেওঁলোকৰ মতে উক্ত ১০ কোটি টকীয়া অঁাচনিৰ কাম বিভাগে পৰৱৰ্তী সময়ত কৰাৰ ব্যৱস্থা কৰিব৷ বৰ্তমান বিভাগে খহনীয়া অব্যাহত থকা মথাউৰিটোত ট্ৰেক্টৰ, জেচিবি লগাই মথাউৰি নিৰ্মাণৰ কামত লগাৰ সমান্তৰালকৈ খহনীয়া প্ৰতিৰোধৰ তৎপৰতা অব্যাহত ৰাখিছে৷ ইফালে এন এইচ পি চিৰ ঢলে সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে ঘনচৰাইত মথাউৰি চিঙাৰ উপক্ৰম ঘটিছে৷

মন্তব্য দিয়ক

Your email address will not be published.