লখিমপুৰৰ চিয়াজুলিত ৰে’লৰ খুন্দাত দুই ভাতৃ নিহত

0 21

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত আজি বিয়লি ৰে’লৰ খুন্দাত দুজন লোকৰ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী মতে আজি চিয়াজুলিৰ ষ্টেচন তিনিআলিত লীলাবাৰীৰ পৰা ৰঙিয়া মুৰ্কংচেলেক যাত্ৰীবাহী ৰেল গাড়ীখনৰ পৰা নামি গৃহাভিমুখে ৰেলপথেৰে গৈ থকা অৱস্থাত চিলাপথাৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ৰেলৰ এটা ইঞ্জিনে দুয়োকে খুন্দা মৰাত থিতাতে দুয়োজনৰ মৃত্যু হয়৷ মৃত লোক দুজন হৈছে চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীৰ্ঘা ডুম্বাবস্তিৰ মতিদাস চুৰিন আৰু জোৰা চুৰিন৷ বৰ্ষীয়ান দুই ভাতৃৰ অকাল বিয়োগত অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.