শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী (অ’. বি. চি) ৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ নামত এতিয়া আবেদনকাৰীয়ে দীর্ঘ দিন ধৰি হাৰাশাস্তি খাই আহিব লগা হৈছে। চৰকাৰী নীতি অনুসৰি ১৫ দিনৰ ভিতৰত হিতাধীকাৰীয়ে কাউণ্টাৰ চাইন যুক্ত প্ৰমাণপত্ৰ লাভ কৰিব লাগে যদিও এতিয়া এই কার্যালয়টোত এনে প্ৰমাণপত্ৰ লাভৰ বাবে আবেদনকাৰীয়ে এমাহ পর্যন্ত অপেক্ষা কৰিব লগা হয়। বিশেষকৈ উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ শাখাত আবেদনকাৰীয়ে এনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। এজন আবেদনকাৰীয়ে প্রথমে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, খাজনা ৰচিদ, লিংকেচ চার্টিফিকেট, মণ্ডল-চক্ৰ বিষয়াৰ প্ৰতিবেদন, অ’. বি. চি. কাৰ্যালয়ৰ পৰা অ’. বি. চি. প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ পিছত সেই আবেদনৰ কপি উপায়ুক্তৰ কাৰ্যালয়ত কাউণ্টাৰ চাইনৰ বাবে জমা দিয়া হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ত উক্ত আবেদনপত্র পঞ্জীয়ন হোৱাৰ পিছত সেই আবেদন উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ শাখাত জমা হয়। পিছত উক্ত প্ৰমাণপত্ৰত সংশ্লিষ্ট অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰৰ বাবে ডিলিং এচিচষ্টণ্টে সেই আবেদন কাউণ্টাৰ চাইনৰ বাবে অতিৰিক্ত উপায়ুক্তলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ত এতিয়া এনে প্ৰমাণপত্ৰ লাভৰ বাবে আবেদনকাৰীয়ে ১৫-৩০ দিন পর্যন্ত অপেক্ষা কৰিব লগা হয়। যাৰ বাবে বহু ক্ষেত্ৰত প্রয়োজনীয় জাতিগত প্ৰমাণপত্ৰ খনৰ বাবে আবেদনকাৰী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয়। তদুপৰি আবেদনত কোনো আঁসোৱাহ থাকিলে সেয়া সময়ত আবেদনকাৰীক অৱগত কৰিব লাগে যদিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ শাখাত দিনৰ পিছত দিন ধৰি তেনে আবেদন পৰি থাকে।ফলত আবেদনকাৰীয়ে সঘনাই কাৰ্যালয়টোলৈ তাঁতবাতি কৰি হাৰাশাস্তি খাব লগা হয়। আমাৰ হাতত পৰা তথ্য অনুসৰি সাধাৰণ শাখাটোৰ কনিষ্ঠ সহায়ক কুঞ্জ চুতীয়াই এনে আবেদনসমূহ দীর্ঘ দিন ধৰি নিজৰ টেবুলত পেলাই ৰখাৰ বাবেই শাখাটোত আবেদনকাৰীয়ে প্ৰমাণপত্ৰৰ খবৰ লবলৈ শাৰী পাতিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত সংশ্লিষ্ট অতিৰিক্ত উপায়ুক্ত দিপ্তী হাজৰিকাৰ হেমাহিও মন কৰিব লগীয়া। উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ আজি কয় যে ১৫ দিনৰ ভিতৰত আবেদনকাৰীক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে। মোৰ টেবুলত ৫ দিনতকৈ বেছি দিন তেনে আবেদন নাথাকে। কিন্তু যোৱা ২৯-৫-২০২২ তাৰিখে শাখাটোত জমা হোৱা এখন মাত্র আবেদনৰ প্ৰমাণপত্ৰ আজি পর্যন্ত আবেদনকাৰীয়ে লাভ নকৰাৰ কথা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ জ্ঞাতই নহয়। তেনেদৰে এই গৰাকী বিষয়াই এনে আবেদনত বিভিন্ন সাধাৰণ আঁসোৱাহ উলিয়াই বাৰম্বাৰ ঘূৰাই পঠায়। যাৰ বাবে বহু আবেদন দীর্ঘ দিন ধৰি কাৰ্যালয়তে পৰি থাকে। যাৰ খবৰ ল’বলৈ আজিও কার্যালয়টোত আবেদনকাৰী বিভিন্ন পুৰুষ মহিলা তথা অভিভাবকে ভিৰ কৰা পৰিলক্ষিত হয়। লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অ’. বি. চি. তথা অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিগত প্ৰমাণপত্ৰ বিচাৰি এনেদৰে দীৰ্ঘ দিন ধৰি আবেদনকাৰীয়ে হাৰাশাস্তি খাই আহিব লগা হৈছে যদিও এই সন্দৰ্ভত জিলা উপায়ুক্তই কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত জিলাখনৰ পশ্চিম প্ৰান্তৰ হাৱাজান, ধলপুৰ, শিমলুগুৰি, নাৰায়ণপুৰ, বিহপুৰীয়া, লালুক আদি দূৰদূৰণিৰ পৰা অহা আবেদনকাৰী সকলে হাৰাশাস্তি ভোগ কৰিব লগা হৈছে।
